ৰাজ পথত দাউ-দাউকৈ জ্বলিল তীব্ৰ বেগী ট্ৰেভেলাৰ, প্ৰাণ ৰক্ষা ৪০ জনৰ

নলবাৰীঃ যাত্ৰী লৈ তীব্ৰ বেগে আহি থকা এখন ট্ৰেভেলাৰ গাড়ী ৰাজ পথতে দাউ দাউকৈ জ্বলি উঠে সোমবাৰে পুৱাই৷ সোমবাৰে হাজো-দৌলাশাল গড়কাপ্তানী পথত নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত কাহিলী পুৱাই সংঘটিত হয় এই ঘটনা৷ ৰাজপথত জ্বলি উঠা তীব্ৰ বেগী ট্ৰেভেলাৰ খনৰ পুৰুষ, মহিলা, যুৱতী, শিশু সহ প্ৰায় ৪০গাৰীক যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা কৰে৷

জানিব পৰা মতে, গুৱাহাটীৰ পৰা পুৱাই যাত্ৰী লৈ এছ-০১-জি চি-১১৭৪ নম্বৰৰ ট্ৰেভেলাৰ খনে হাজো-দৌলাশাল গড়কাপ্তানী পথেৰে বৰপেটা অভিমুখে গৈ আছিল৷ নলবাৰীৰ মুকালমুৱা পাৰ হোৱাৰ পিছত এগৰাকী মহিলা যাত্ৰীয়ে গাড়ী খনৰ পিছৰ অংশত ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত কুঁৱলী বুলি ভাবিছিল৷ কিছথু সময় পিছতে ধোৱা ওলোৱাৰ পৰিমাণ বৃদ্ধি হোৱাৰ মহিলাগৰাকীয়ে গাড়ী খন ৰখাবলৈ কয়৷

চালকে গাড়ী খন ৰখাই পিছফালে চোৱাৰ পিছতে হাহাকাৰ লাগে৷ প্ৰচণ্ড জুই লাগিবলৈ আৰম্ভ কৰা প্ৰত্যক্ষ কৰি সকলোকে ততাতৈয়াকৈ নামি আহিবলৈ কয়৷ যিয়ে যেনেকৈ পাৰে গাড়ী খনৰ পৰা নামি আহিবলৈ সক্ষম হয়৷ কিছু সময়ৰ পিছতে সমগিৰ গাড়ী খনকে আগুৰি লয় জুইয়ে৷

একাংশ যাত্ৰী খিৰিকিৰ গ্লাছ ভাঙি ওলাই আহে যদিও তেওঁলোকৰ বেগ, অন্যান্য সামগ্ৰী জুইত জাহ যায়৷ মুহূৰ্ততে দাউদাউকৈ জ্বলি উঠি গাড়ীখন ভস্মীভূত হয় যদিও প্ৰাণ ৰক্ষা পৰে ৪০জনৰো অধিক যাত্ৰীৰ৷ অগ্নি-নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও অগ্নিমিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই গাড়ীখন সম্পূৰ্ণৰূপে জাহ যায়৷