শিৱসাগৰলৈ আহিব নেকি, আহোতে লগত লৈ আহিব গছ পুলি

বেতবাৰীঃ  যেন  আবতৰীয়া পৰিবেশ দিৱস হে। কিয়নো আমাৰ ৰাজ্য খনৰ একাংশ লোকে কেৱল পৰিৱেশ দিৱসত হে বৃক্ষৰোপন কৰে। যাৰ বাবে কবলগীয়া হ'ল আবতৰীয়া পৰিৱেশ দিৱস বুলি৷ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ বেতবাৰী অঞ্চলৰ একাংশ লোকে বৃক্ষৰোপন কৰিলে।

আজিৰ দিনটোত নতুবা কাইলৈ আপুনি যদি শিৱসাগৰলৈ আহে তেন্তে গছ পুলি আপুনিও ৰুব পাৰিব। গছৰ পুলিৰো যোগান ধৰা হ'ব আপোনাক৷ পিচে বৃক্ষৰোপন কৰিবৰ বাবে আপুনি আন ঠাইলৈ যাব নালাগে।গাড়ীৰ পৰা ননমাকৈও পুলিটো আপুনি ৰোপন কৰিব পাৰিব।

দূৰ দূৰণিলৈ যোৱাৰ প্ৰয়োজন৷ আপোনাৰ জোটাত মাটিও নালাগে। অসমৰ শিৱসাগৰ জিলাত পাব এনে ঠাই৷ তাকো এনে ঠাই বিচাৰি ভিতৰুৱা অঞ্চললৈ যোৱাৰ প্ৰয়োজন নাই। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথতে ৰোপন কৰিব পাৰিব বৃক্ষ৷

৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত আপুনি বৃক্ষৰোপন কৰিব পাৰিব। পথৰ দুৰৱস্থাৰ বাবে ক্ষোভ উজাৰি এই গছ পুলি ৰোপন কৰিলে বেতবাৰীৰ একাংশ লোকে৷ বাৰম্বাৰ ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতি কৰাৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত ঘাই পথৰ গাতত বৃক্ষৰোপন কৰি প্ৰতিবাদ কৰিলে একাংশ লোকে। শনিবাৰে যেন আবতৰীয়া পৰিৱেশ দিৱস পালন কৰে।

শিৱসাগৰ জিলাৰ দৰিকাপাৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্রীয় ঘাইপথটোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছে। পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। পথৰ এনে দূৰৱস্থাৰ বাবেই বিগত সময়ত বহু দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ফলত অঞ্চলটোৰ ৰাইজ শনিবাৰে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা শিৱসাগৰ সংযোগী পথৰ গাতত গছ পুলি ৰোপন কৰি প্ৰতিবাদ কৰে।