
তেজপুৰঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি যোৱা ৩০ ছেপ্তেম্বৰত আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি যোৱা অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীক শনিবাৰে তেজপুৰত স্মৰণ কৰে ৰাইজে৷
১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰা ভাগৱতী অসমৰ সংবাদ জগতৰ নক্ষত্ৰ স্বৰূপ আছিল। পঢ়া কালৰ পৰাই লিখা-মেলা কৰাৰ লগতে সমাজসেৱাৰ সৈতে জড়িত আছিল ভাগৱতী। বিশিষ্ট সাংবাদিক, অসমৰ সংবাদ জগতৰ মহীৰূহ ৰাধিকা মোহন ভাগৱতীৰ স্মৃতিচাৰণ সভা শনিবাৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷
শোনিতপুৰ সাবাদিক সন্থা, শোনিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, শোনিতপুৰ প্ৰেছ ক্লাৱ আৰু তেজপুৰ সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠান। তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য মদন শৰ্মাই প্ৰয়াত সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেবাটাও সাংবাদিক সন্থাৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি যাচে।
সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য মদন শৰ্মা, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, বিশিষ্ট লেখিকা মৃনালী চেতিয়া, হেমন্ত বৰুৱা, সতীশ ভট্টচাৰ্য আৰু প্ৰাণজিৎ হাজৰিকা উপস্থিত থাকে৷