ত্ৰিপুৰা নিৰ্বাচন, গুৰুত্বহীন নেডা, নেডাৰ মিত্ৰজোঁটৰ বিপৰীতে অকলে আগবাঢ়িছে বিজেপিয়ে

Hindustan Times
Hindustan Times

আগৰতলাঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনৰ গৰম বতাহ বলিছে ত্ৰিপুৰাৰ আকাশত৷ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ লোকেই এতিয়া নিৰ্বাচনক লৈ ব্যস্ত৷ পছন্দৰ পাৰ্টি আৰু প্ৰাৰ্থীৰ বিষয়ে চৰ্চা কৰাৰ লগতে ৰাজনৈতিক দল সমূহৰ মাজতো চলি আছে তৰ্ক যুদ্ধ৷

ৰাজ্যখনত নিৰ্বাচনী বতাহ প্ৰৱল হ’ব ধৰাৰ সময়তে চৰ্চালৈ আহিছে বিজেপি নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ প্ৰসংগ৷ ত্ৰিপুৰাৰ নিৰ্বাচনত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্সে বিশেষ ভূমিকা পালন কৰিব বুলি ভবা হৈছিল যদিও অৱশেষত বিজেপিয়ে অকলে নিৰ্বাচনত আগবঢ়া পৰিলক্ষিত হৈছে৷ অহা ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোট দান অনুষ্ঠিত হ’ব আৰু ফলাফল ৩ মাৰ্চত ঘোষণা কৰা হ’ব৷

উল্লেখ্য যে, উত্তৰ-পূৱৰ ৫ ৰাজ্য কেইবাটাও আঞ্চলিক দলক লৈ বিজেপিৰ নেতৃত্বত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ গঠন কৰা হৈছিল৷ এই পাঁচখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত বিজেপিৰ চৰকাৰে আছে৷ জানিব পৰা মতে, ত্ৰিপুৰাই বিধান সভা নিৰ্বাচনত বিজেপি দলে ফলাফল ভাল কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ জনগোষ্ঠীয় দল ইণ্ডিজিনিয়াচ পিপুলচ ফ্ৰণ্ট অফ ত্ৰিপুৰা চমুকৈ আইপিএফটিৰ সৈতে মিত্ৰতা কৰিছে৷

ইণ্ডিজিনিয়াচ পিপুলচ ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ পৰা বিভাজন হৈ গঠন কৰা আইপিএফটি-তিপহাৰা দলৰ মুখ্য নেতাসকলে ১ ফেব্ৰুৱাৰীত বিজেপি দলত চামিল হয়৷ সদস্যসকলৰ কোনোৱেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই যদিও কেৱল নিৰ্বাচনৰ সময় পাৰ কৰিবল বাবেহে তেওঁলোকক বিজেপিয়ে দললৈ অনা বুলি চৰ্চা হৈছে৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ চিপিআইএম বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ নেডাই কোনো পদক্ষেপ লোৱা নাই৷

বিজেপি দলেহে নেতৃত্ব লোৱা দেখা গৈছে৷ বিজেপি দলে সকলো পদক্ষেপ লোৱাৰ লগতে নেডাৰ সৈতে সংযুক্ত হৈ থকা আন আন দলক এই ক্ষেত্ৰত জৰিত কৰা নাই৷ বিজেপিয়ে তেওঁলোকৰ দললৈ আন আন দলৰ নেতাক আনি যোগদান কৰিছে যদিও নেডাৰ নেতৃত্বত মিত্ৰজোঁট গঢ় দিয়াৰ বাবে কোনো পদক্ষেপ লোৱা দেখা নাযায়৷ কোনো এটা জনজাতীয় দলৰে মিত্ৰতা তথা নেডাৰ সন্দৰ্ভত সৈতে স্থিতি স্পষ্ট কৰা নাই বিজেপিয়ে৷