প্ৰথমে পত্নী, তাৰ পিছত দুই সন্তানক গুলিয়াই হত্যা, জোৱানে নিজেও কৰিলে আত্মহত্যা, ত্ৰিপুৰাত চাঞ্চল্য

ডিজিটেল ডেস্কঃ এগৰাকী লোকে নিজৰ দুই সন্তান আৰু পত্নীক গুলীয়াই হত্যা কৰাৰ ঘটনাই চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজধানী আগৰতলাৰ সমীপৰ সুভাষ নগৰত সংঘটিত হৈছে এই ঘটনা৷

টিএছআৰৰ ১নং বেটেলিয়ানৰ মানিক ঘোষ নামৰ জোৱান জনে প্ৰথমে নিজ চাৰ্ভিচ ৰাইফলেৰে পত্নীক গুলিয়াই হত্যা কৰে তাৰ পিছত দুই সন্তানক গুলিয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে৷ 

জানিব পৰা মতে, ৰত্না ঘোষ, পুত্ৰ সন্তান দ্বীপৰাজ ঘোষ আৰু কন্যা দেবসিতা ঘোষক গুলিয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে৷ জানিব পৰা মতে, দুয়ো সন্তান ছাত্ৰ আছিল৷ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে৷ পাৰিবাৰিক কন্দলৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেনেদৰে চাৰ্ভিচ ৰাইফল ঘৰলৈ নিয়াৰ অনুমতি লাভ কৰিছিল জোৱানজনে৷

উল্লেখ্য যে, ৬ মে’ত ত্ৰিপুৰাত এগৰাকী বিএছএফ জোৱানে ৩ সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰিছিল৷ উনাকাটা জিলাৰ বিঅ’পি মগৰুইত থকা চিআৰপিএফৰ অস্থায়ী শিবিৰত এই ঘটনা সংঘটিত হৈছিল৷ জোৱান জনে প্ৰথমে সতীৰ্থক গুলীয়াই হত্যা কৰে তাৰ পিছত নিজেও আত্মহত্যা কৰে৷