কাৰ্বি পাহাৰৰ খেৰণিত নিশা কি ঘটে? কোনে শুনিব গৃহহাৰাৰ আৰ্তনাদ

খেৰণিঃ আমাক সুৰক্ষা দিবলৈ কোনো নাই৷ আমাৰ খবৰ লবলৈ কোনো নাই৷ আমি মৰি মৰি জীয়াই আছো৷ নিশা হলেই একাংশ লোকে এতিয়া আৰ্তনাদ কৰিব লগা হৈছে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে৷ নিশা মানেই যেন তেওলোকৰ বাবে আতংক৷

নিশা হ’লেই জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাই ব্যতিব্যস্ত কৰে প্ৰতিগৰাকী লোকক৷ মানুহ খিনিয়ে যিটো পৰিস্থিতিত জীয়াই তেনে প্ৰতিচ্ছবি নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ দৰিদ্ৰ, শ্ৰমিক খাতিখোৱা জনগোষ্ঠীয় থলুৱা লোকৰ প্ৰতিদিনে গৃহহাৰা হৈছে৷ যোৱা ২০ দিনৰ ভিতৰত প্ৰায় ১০০ ঘৰ লোক গৃহহাৰা হৈছে৷

তেওলোকৰ সাধাৰণ ছালিবোৰ নিশা হলেই ভাঙি পেলাই আৰু প্ৰতিদিনে বহু পৰিয়াল গৃহহাৰা হয়৷ নৰক যন্ত্ৰণাত পৰিণত হৈছে তোওঁলোকৰ জীৱন৷ পাহাৰীয় জিলা কাৰ্বি আংলংৰ তথা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এতিয়া মানুহে হাহাকাৰ কৰিব লগৈ হৈছে৷

পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ মধ্য বিত্ত, দৰিদ্ৰ শ্ৰমিক, মজদুৰৰ নিদ্ৰাহৰণ কৰিছে৷ প্ৰতিদিনে হাতীৰ জাকে ঘৰ ভাঙি বহু লোকক গৃহহাৰা কৰি আহিছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷

ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে।

হাতীৰ তাণ্ডৱৰ ফলত ৰাইজে দীৰ্ঘ দিনে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱাৰ পিছতো বন বিভাগে ৰাইৰ জীৱন-সম্পত্তি ৰক্ষাৰ স্বাৰ্থত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিশা মানেই বন্যহস্তীৰ তাণ্ডৱ কাৰ্বি পাহাৰত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গৰ নিহাং গাঁও, ২ নং হাজাগাফাৰৰ পাছত যোৱা নিশা আকৌ খেৰণিৰ দিখ্লেম গাঁৱত সংঘটিত হয় বন্যহস্তীৰ তাণ্ডৱ।

নিশা খেৰণিৰ দিখ্লেম গাঁৱত পোৱালিসহ প্ৰৱেশ কৰা এটা বনৰীয়া হাতীৰ জাকে গাঁওখনৰ ৰেণুকা দেৱী, কমল ছেত্ৰী, ৰামজী চৌহান আৰু কেশৰী ৰায়ৰ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে মজুত ৰখা ধান খায় তহিলং কৰে বনৰীয়া হাতীৰ জাকটোয়ে।

আনকি গাওঁখনত এম জি এনেৰেগা আচঁনিৰ অধিনত আঁচনি ৰূপায়ণৰ বাবে স্থাপন কৰা আধাৰশিলা পৰ্যন্ত ভাঙি পেলোৱাৰ লগতে ৰামজী চৌহানৰ ঘৰত হাতীৰ জাকটোৱে ঘৰ ভাঙি মজুত ৰখা ধান আৰু মিঠৈ খোৱাৰ উপৰিও বিস্তৰ ক্ষতিসাধন কৰে বৃহত্তৰ অঞ্চলটোত।

দিখ্লেমৰ সমীপত ১ নং বেলবাৰী গাঁৱত বিদ্যুত ব্যৱস্থা নথকাৰ ফলতো গাঁওখনৰ ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ সন্মূখীন হৈ অহা বুলি মন্তব্য আগবঢ়ায় দুখ প্ৰকাশ কৰে। বন বিভাগৰ নিৰৱ ভূমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

প্রতি নিশাই বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিভিন্ন স্থানত তাণ্ডৱ চলাই সৰ্বসাধাৰণৰ লগতে কৃষক ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। আনহাতে যোৱা নিশা বৃহৎ ক্ষতিৰ সন্মূখীন হোৱা পৰিয়াল সমূহে চৰকাৰ তথা বন বিভাগক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনায়৷