মেঘালয়, অৰুণাচল, মণিপুৰত বাংলাদেশী বুলি ভাবে খিলঞ্জীয়া হাজং জনগোষ্ঠীক

গুৱাহাটীঃ পশ্চিমবঙ্গ, অসম, মেঘালয়, অৰুণাচল প্রদেশ, মণিপুৰ আৰু বাংলাদেশত বসবাস কৰা হাজং জনোষ্ঠীৰ এক বৰ্ণিল ইতিহাস আছে৷ অসমীয়া ভাষাতে কথা কোৱা, লৰা-ছোৱালীক পঢ়া-শুনাও কৰে অসমীয়া মাধ্যমত৷ বৰ অসমৰ খিলঞ্জীয়া হাজং সকল অসমৰ লগতে পশ্চিমবঙ্গ, অসম, মেঘালয়, অৰুণাচল প্রদেশ, মণিপুৰ আৰু বাংলাদেশত বসবাস কৰে যদিও তেওলোকে নিজকে অসমীয়া বুলি চিনাকী দিয়ে৷

কিন্তু অসমীয়া বুলি চিনাকী দিয়া এই সকল লোক এতিয়া অস্তিত্বৰ সংকটত পৰিছে৷ চুবুৰীয়া ৰাজ্যত বসবাস কৰা হাজং জনগোষ্ঠীৰ লোকসকলে অস্তিত্বৰ সংকটত পৰি হাহাকাৰ কৰিব লগা হৈছে৷ নিজ দেশতে বিদেশীৰ দৰে জীয়াই থাকিব লগা হৈছে৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন আলোচনা চক্ৰত বিভিন্ন গৰাকীয়ে এই কথাকে উল্লেখ কৰে৷

কবি. গীতিকাৰ নলিনী প্ৰভা ডেকা স্মাৰক বক্তৃতা অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী শিক্ষাবিদ, হাজং জনগোষ্ঠীৰ নেতা-সমাজকৰ্মী উপস্থিত থাকি হাজং সকল অস্তিত্বৰ সংকটত পৰা বুলি মত ব্যক্ত কৰে৷ মেঘালয়, অৰুণাচল, মণিপুৰত থকা হাজং জনগোষ্ঠীৰ লোকসকলক এতিয়া বাংলাদেশী সজোৱা হৈছে৷

পিছে এই লোকসকলে মাতৃভাষাত কথা বতৰা কোৱাৰ উপৰিও অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে৷ নিজ মাটিত বসবাস কৰিও ভূমিপুত্ৰ হাজং সকলে বিদেশীৰ দৰে জীয়াই থাকিব লগা হৈছে৷ সময়ে সময়ে হাজং লোকসকলক চুবুৰীয়া ৰাজ্যত বাংলাদেশী সজাব বিছৰা বুলিও অভিযোগ উত্থাপন কৰে৷

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অধ্যক্ষ ভবানন্দ ডেকাই তথ্য সহকাৰে হাজং সকলৰ ভয়াবহ ছবি খন দাঙি ধৰে৷ একেটা অনুষ্ঠানতে ঐতিহাসিক গৱেষণা গ্ৰন্থ ‘উত্তৰ পূব ভাৰতৰ হাজং জনগোষ্ঠী-সমাজ আৰু সংস্কৃতি’, অৰ্ণ জান ডেকাৰ ‘দফৰি গাঁৱৰ নিৰঞ্জনা আইতা’ শীৰ্ষ দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷ গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট হাজং নেতা মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ধবল চন্দ্ৰ বৰ্মন হাজং আৰু বিশিষ্ট কথাশিল্পী লক্ষ্মী নন্দন বৰাই৷