
বোকাজানঃ ১৯৮৪ চনতে স্থাপন কৰা এখন বিদ্যালয় দূখ লগা পৰিবেশে চিন্তিত কৰি তুলিছে কাৰ্বি ভূমিৰ ৰাইজক৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ শৈক্ষিক অনগ্ৰসতাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত ১৯৮৪ চনত স্থাপন কৰা হৈছিল এখন কেন্দ্ৰীয় বিদ্যালয়৷ দিল্লীস্থিত কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সংস্থাৰ সৈতে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই এক চুক্তি স্বাক্ষৰ কৰি বোকাজান বিলাতী মাটি কাৰখানাৰ আবাসিক এলেকাত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰিছিল৷
কেন্দ্ৰীয় বিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ দৰমহা সম্পূৰ্ণৰূপে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বহন কৰাৰ লগতে কোনো পৰিস্থিতিতে বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ নকৰে বুলি চুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল ১৯৮৪ চনত৷ চুক্তিৰ অন্তত দিল্লীস্থিত কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সংস্থাই বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত স্থায়ী শিক্ষক নিযুক্তি দিছিল৷
কিন্ত বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই চুক্তি অনুযায়ী বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত নিযুক্তি দিয়া ৭গৰাকী স্থায়ী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক আজি ৪-৫ মাহে দৰমহা নিদিয়াত বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে এক অৰাজক অৱস্থাই গা কৰি উঠাৰ ফলত বিদ্যালয়খনত অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হবলগীয়া হৈছে৷ বিদ্যালয়খনৰ এনে অৰাজক পৰিস্থিতি প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ অন্ধকাৰৰ দিশে গতি কৰা পৰিলক্ষিত হয়৷ সোমবাৰে বোকাজান নগৰস্থিত ৰাধা কৃষ্ণ বিবাহ ভৱনত দিনৰ ১০ বজাত এখন অভিভাৱক সভা অনুষ্ঠিত কৰে অভিভাৱকসকলে৷
বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম'মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, নিলিপ পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য প্ৰবিত্ৰ ৰংপি, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণ দত্ত আৰু সমাজকৰ্মী খগেন গগৈ উপস্থিত থাকে৷
ডেৰ শতাধিক অভিভাৱক-অভিভাৱিকা উপস্থিত থকা সভাত বিশিষ্ট লোকসকলে কোনো কাৰণতে বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ হ'বলৈ নিদিয়াৰ মত প্ৰকাশ কৰি বিদ্যালয়খন এক কুটিল ষড়যন্ত্ৰৰ বলি হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই৷ বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত নিযুক্তি হৈ থকা ৭ গৰাকীকৈ স্থায়ী শিক্ষক-শিক্ষয়িত্ৰীয়ে ৪ মাহে বেতন নোপোৱাৰ কথা ইতিমধ্যে দিল্লীস্থিত কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সংস্থাক অৱগত কৰাত কেন্দ্ৰীয় সংস্থাই বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষক অহা ৭ দিনৰ ভিতৰত উক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা মোকলাই দিবলৈ সময়সীমা বান্ধি দিয়ে৷
অন্যথা এইসকল স্থায়ী শিক্ষক-শিক্ষয়িত্ৰীক বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা নি আন আন বিদ্যালয়ত সংস্থাপন দিবৰ বাবে লৈ যাব বুলিও কেন্দ্ৰীয় সংস্থাই বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষক অৱগত কৰে৷ যদিহে বোকাজান বিলাটি মাটি কাৰখানা কৰ্তৃপক্ষই উক্ত সময়সীমাৰ ভিতৰত শিক্ষকসকলৰ দৰমহা মোকলাই নিদিয়ে তেতিয়া শিক্ষকবিহীন হৈ পৰিবলগীয়া এই কেন্দ্ৰীয় বিদ্যালয়খন৷
ফলত বন্ধ হৈ যোৱাৰ শংকাত ভুগিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা তথা বোকাজানবাসী ৰাইজ৷ এনে এক পৰিবেশত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলক সভাত উপস্থিত বিধায়ক ডাঃ নোমল ম'মিন আৰু কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে আশ্বাস প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৈতে কেন্দ্ৰীয় ঔদ্যোগিক মন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ সৈতে শীঘ্ৰে এক আলোচনাত মিলিত হৈ বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কোনো কাৰণতে বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ কৰিবলৈ দিয়া নহ'ব বুলিও কয়৷
প্ৰয়োজন সাপেক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভবিষ্যতৰ স্বাৰ্থত বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষৰ তত্বাৱধানৰ পৰা মোকলাই আনি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিব বুলিও বিধায়কগৰাকীয়ে উপস্থিত অভিভাৱকসকলক অৱগত কৰে৷ ভা চলি থকা অৱস্থাতেই কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰৱন্ধকগৰাকীৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰে আৰু বিদ্যালয়খনৰ সমস্যা সন্দৰ্ভত সভাৰ অন্তত বিধায়কসহ এক আলোচনাত মিলিত হ’ব বুলিও অভিভাৱকসকলক অৱগত কৰে৷ উল্লেখ্য যে সমগ্ৰ সভাখনৰ আঁত ধৰে অভিভাৱক তথা স্থানীয় সাংবাদিক সৰোজ মহন্তই৷ সভাতেই উপস্থিত অভিভাৱকসকলে বিধায়ক ডাঃ নোমল ম'মিনক বিদ্যালয়খনৰ সমস্যা সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷