আঙুৰলতাক ৰাইজৰ সন্মুখতে লাজ দিলে মন্ত্ৰী হিমন্তই

নগাঁওঃ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই কিছুদিন পুৰ্বে নিজ সন্তানক কোলাত লৈ স্বাস্থামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ আহিছিল এটি বিশেষ অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে৷ নিজৰ দলৰ বিধায়িকা আঙুৰলতাৰ সন্তানক হিমন্ত বিশ্ব শৰ্মাই কোলাত লৈ আদৰ কৰাৰ ফটো ফেচবুকত খোদ আপলোড কৰি তেওৰ সমষ্টিৰ বহু সমস্যাৰ কথা মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা বুলি কৈছিল৷

ইমানে নহয় মন্ত্ৰী হিমন্তই আঙুৰলতাৰ সমষ্টিত যাম বুলি কথা দিয়া বুলিও ফেচবুক পোষ্টটোত উল্লেখ কৰিছিল আঙুৰলতাই৷ কথা দি কথা ৰখা মানুহ হিমন্ত৷ বৃহস্পতিবাৰে আঙুৰলতাৰ সমষ্টি বটদ্ৰৱাত উপস্থিত হ’ল হিমন্ত৷ কিন্তু হিমন্ত বটদ্ৰৱালৈ আহিল থিকেই বিধায়িকাই সমষ্টিৰ সামগ্ৰিক উন্নয়ণৰ কথা কৈ ফুৰিলেও উন্নয়ণৰ ক্ষেত্ৰত বিধায়িকাগৰাকী কিমান সচেতন তাৰ প্ৰমাণ  ৰাইজে পালে বৃহস্পতিবাৰে৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত হোৱা এক সভাত৷ সমষ্টিটোৰ অন্তৰ্গত ৰাইদঙীয়াৰ বৰিবজাৰস্থিত শংকৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এখন সভাত উপস্থিত থাকে স্বাস্থ্য-শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ সভাত বিধায়িকা আঙুৰলতাক হিমন্তই কৰা ধেমেলিয়া ইতিকিঙে সমষ্টিৰ সমস্যাৰাজিৰ সন্দৰ্ভত আঙুৰলতাৰ সচেতনতাৰ যে অভাৱ তাকে উন্মোচিত কৰে৷

কিয়নো, এগৰাকী মন্ত্ৰী কোনো সমষ্টিলৈ আহিলে সেই সমষ্টিৰ সমস্যাবোৰ সমষ্টিটোৰ জনপ্ৰতিনিধি গৰাকীয়ে মন্ত্ৰীজনৰ আগত তুলি ধৰিব লাগে যাতে সমস্যাবোৰ সাধ্যানুসৰি মন্ত্ৰীজনে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব পাৰে৷ কিন্তু আজি তেনে তৎপৰতা বিধায়িকা আঙুৰলতা ডেকাই প্ৰদৰ্শন নকৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ৷

যাৰ বাবেই সুচতুৰ বাকপটু মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত ৰাইজৰ সন্মুখতে বিধায়িকাগৰাকীক লাজ দি কয় যে--'মই বটদ্ৰৱা সমষ্টিৰ উন্নয়ণৰ বাবে কিবা দিব খুজিছো আৰু সেইবাবেই আহিছো৷ কিন্তু স্থানীয় বিধায়িকাই মোক আজি কোনো তালিকাই নিদিল৷ গতিকে মই কেনেকে জানিব সমষ্টিৰ বাবে কি লাগে বা সমষ্টিত কিহৰ অভাব৷ গতিকে মই কি দিব পাৰো বটদ্ৰৱাৰ বাবে ৰাইজেই কওঁক৷ মাত্ৰ মোক বিধায়িকাই সমষ্টিৰবাবে এখন আদৰ্শ মহাবিদ্যালয় দিব লাগে বুলি কৈছে৷

মই দিম৷ তাৰ বাহিৰে মোক আজি একো বিচৰা নাই৷ ত্ৰিশ খন বাদ দিয়ক বাৰু, মাত্ৰ দহখন বিচনাযুক্ত এখন চিকিৎসালয়কে বিচাৰকছোন৷ নাই, তাকো বিচৰা নাই৷ তথাপিও মই বটদ্ৰৱাবাসী ৰাইজক বহু কিবাকিবি দিম৷

পৰবৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমষ্টিলৈ আহি সেইবোৰ ঘোষণা কৰিম৷' ভাষন প্ৰসংগত প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিবিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ চাৰিসীমাৰ বেৰা নিৰ্মাণৰ বাবে এক কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ কাজেই, এনেদৰে সমষ্টিবাসী ৰাইজৰ সন্মুখতে সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে বিধায়িকা আঙুৰলতা ডেকাৰ দুৰ্বলতা উদঙাই দিয়া বিষয়টোয়ে সম্প্ৰতি সমষ্টিটোৰ সচেতন লোকসকলৰ মাজত বেছ চৰ্চা লাভ কৰিছে৷