চীনে এৰা ঘোলা পানী, বহু পলমকৈ হলেও ঘোলা পানীয়ে কন্দুৱালে অসমীয়াক

গুৱাহাটী/তেজপুৰ/জোনাইঃ মহাবাহু ব্ৰহ্মপুত্ৰ৷ অসমীয়া জাতিৰ আয়ুস ৰেখা৷ নানা পৰম্পৰা, কৃষ্টি, সংস্কৃতিৰ তথা মিলনৰ ভূমি বৰ অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ৷ ব্ৰহ্মপুত্ৰ পৰাত গঢ় লৈ উঠা সভ্যতা, সংস্কৃতি, পৰম্পৰাই অসমীয়া জাতিৰ পৰিচয়৷ অসমীয়া জাতিৰ এক নিবিড় সম্পৰ্ক আছে মহাবাহুৰ সৈতে৷ ব্ৰহ্মপুত্ৰৰ থাকিলেহে যেন অসমীয়া জাতি জীয়াই থাকিব বুলি কোৱা অসমীয়া জাতি বহু পলমকৈ সাৰ পালে৷

ঘোলা পানী বৈ থকা ব্ৰহ্মপুত্ৰক দেখি চকু পানী ওলোৱা নাছিল অসমীয়াৰ৷ কিন্তু বহু ঘোলা পানী বৈ যোৱাৰ পিছত হে অসমীয়াৰ চকু পানী ববলৈ আৰম্ভ কৰিছে৷ যোৱা দুমাহ যেন সকলোৱে নিশ্চুপ হৈ আছিল৷ বহু পলমকৈ হলেও ঘোলা পানীৰ কথা অসমত চৰ্চা আৰম্ভ হৈছে৷ সংবাদ মাধ্যম, জাতিয় দল-সংগঠন মাত মাতিবলৈ আৰম্ভ কৰিছে৷ আমাক অসমীয়াক যেন বাৰে বাৰে কোনাবাই জগাই হে দিব লাগে৷

যোৱা প্ৰায় দুমাহ ধৰি অৰুণাচলৰ সাংসাদ তথা সাধাৰণ ৰাইজে চিয়াং নদীৰ ঘোলা পানীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ আন হে নালাগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্মাৰক প্ৰদান কৰি অৰুণাচলৰ সাংসদে দিল্লীক গুৰুত্ব দিবলৈ আহ্বান জনাইছিল৷ তথাপিও অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ সকলোৱে শুই আছিল৷ কিন্তু সূৰ্য উঠা দেশৰ মানুহে চিয়াং নদীত ঘোলা পানী বৈ আহিব ধৰাৰ লগে লগে আবেগিক হৈ পৰিছিল৷ নদীৰ পাৰত সমবেত হৈছিল৷

চিয়াং নদীৰ পিনে চাই কান্দিছিল৷ আপোন নদীৰ বিননি প্ৰত্যক্ষ কৰি তেওলোকৰ অন্তৰ কপি আছিল৷ আপোন চিয়াং নদীৰ দুখত ভাগি পৰিছিল৷ শোকত ম্ৰিয়মান হৈ পৰিছিল৷ অসমত ব্ৰহ্মপুত্ৰ তথা অৰুণাচলৰ বাবে চিয়াং নদীৰ ঘোলা পানী খাই মৃত্যু হৈছে জীৱ-জন্তুৰ৷ কেইবাটাও গৰু, মহ, মাছ, কাছৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ লগতে অসমৰ হাজাৰ হাজাৰ লোকে৷ ব্ৰহ্মপুত্ৰৰ পানী খাব পৰা অৱস্থাত নাই৷

জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী প্ৰদূষিত হোৱাৰ ফলত পানী ফিল্টাৰ কৰাৰ পিছতো খাবৰ বাবে পৰিবেশ নোহোৱা হৈছে৷ খাবৰ বাবে উপযোগী হৈ নথকাৰ লগতে ব্যৱহাৰ কৰিলে বিপদ হ’ব পাৰে বুলি ৰাজ্য চৰকাৰৰ তথ্যত ওলাই পৰিছে। ৰাজ্য চৰকাৰে পানীৰ নমুনা পৰীক্ষা কৰাৰ পিছতই প্ৰমাণ পাই এই কথাৰ। মন্ত্ৰী কেশৱ মহন্তই অসম চৰকাৰৰ হৈ নতুন দিল্লীকো জনাই এই কথা। চৰকাৰে ডিব্ৰুগড় জিলাৰ মাইজান আৰু বগীবিল অঞ্চলৰ পৰা সংগ্ৰহ কৰে পানীৰ নমুনা।

ৰাজ্যৰ জলসম্পদ, জলসিঞ্চন বিভাগেও চিন্তিত হৈ পৰিছে ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ লগতে ঘোলা পানী ববলৈ আৰম্ভ কৰাত৷ দেশৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে টাইট কৰি এই সন্দৰ্ভত চিন্তা ব্যক্ত কৰে৷ ভাৰত চৰকাৰে চিয়াঙৰ সন্দৰ্ভত দৃষ্টি ৰাখিছো বুলি কৈ ‘ৰাইজ উদ্বিগ্ন হৈ পৰাটো স্বাভাৱিক’৷ চিয়াঙৰ পানী মেকমোহন সামীৰ পৰাই বোকাময় হৈছে বুলি কৈ পানী ক’লা-বোকাময় হোৱাৰ কথা চৰকাৰ জ্ঞাত বুলি কয়৷ যোৱা কেইবাটাও বছৰ ধৰি ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীৰ সোঁত সলনি কৰিবলৈ চক্ৰান্ত অব্যাহত ৰাখিছে ৰঙা চীনে৷

ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীক ভেটা দিবলৈ চেষ্টা অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা অব্যাহত আছে৷ বৃহৎ সুৰংগ নিৰ্মাণ কৰি চিয়াং নদীৰ পানী সংৰক্ষণেৰে চীনে মৰুভূমি জীপাল কৰাৰ আঁচনি লোৱাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে চিয়াং নদীত চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে অৰুণাচল প্ৰদেশ আৰু অসমৰ দল-সংগঠন৷ অৰুণাচলৰ সাংসদ নিনং ইৰিঙে চীনৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ বাৰে বাৰে ক্ষোভ প্ৰকাশ কৰি আহিছে৷

সাংসদ নিনং ইৰিঙে বাৰে বাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি চীনা চৰকাৰে সুৰংগ নিৰ্মাণ কৰি চিয়াং নদীৰ সোতক অন্য দিশলৈ ঢাল খুৱাইছে বুলি কৈ আহিছে৷ যোৱা দুমাহমান ধৰি চিয়াংৰ বুকুৰে চিমেণ্ট মিশ্ৰিত ঘোলা পানী বৈ অহাত নদীটোৰ পানী প্ৰদূষিত হোৱা বুলি অৰুণাচলৰ ৰাইজ তথা সাংসদজনে অভিযোগ উত্থাপন কৰে৷ বিষয়টো দিল্লীৰ দৃষ্টিগোচৰ কৰিবৰ বাবে তেওঁ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লিখাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিম বুলি ৫ ডিচেম্বৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে৷

দিল্লীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ পূৱৰ বিভিন্ন দল-সংগঠনক লৈ চীনা দূতাৱাসৰ সন্মুখত আন্দোলন কৰিম বুলি ভাবুকি প্ৰদান কৰে সাসংদ ইৰিঙে দিয়ে৷বিগত দুমাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ উৎস চিয়াং নদীত চিমেণ্ট মিশ্ৰিত ঘোলা পানী প্ৰবাহিত হোৱাৰ ফলত অৰুণাচলৰ পূৱ চিয়াং জিলাৰ উপকণ্ঠ অঞ্চলত বসবাস কৰা লোকৰ লগতে বিভিন্ন জীৱ-জন্তু আৰু মাছ-কাছ  ম'হৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে৷

চিয়াংৰ নামনি অঞ্চলৰ জোনাইৰ চিয়াং আৰু লালী নদীৰ দুয়োপাৰৰ অঞ্চলসমূহৰ গৰু মহে দূষিত পানী খাই বিভিন্ন বেমাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ আনকি পাছিঘাটত থকা জলবোৰ্ডত এই দূষিত পানীৰ নমুনা পৰীক্ষা কৰাত চিয়াংৰ পানীত বিষাক্ত এন টি ইউৰ পৰিমাণ ৪২৫ থকা বুলি প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ পানীত বিষাক্ত এন টি ইউৰ পৰিমাণ ৪২৫ থকা মানে জীব-জন্তুৰ লগতে মানুহৰ বাবেও বিপজ্জনক৷ সেয়েহে এই বিষয়ে আৰু অধিক পৰীক্ষা কৰিবলৈ পানীৰ নমুনা ৰাজধানী ইটানগৰলৈ প্ৰেৰণ কৰিছিল৷

চিয়াং তথা ব্ৰহ্মপুত্ৰত চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন৷ চুবুৰীয়া দেশ চীনে বহ্মপুত্ৰ নদীৰ পানীক প্ৰায় ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ জড়িয়তে জিংজিয়াল প্ৰান্তলৈ নিয়াৰ অভিযোগ উত্থাপন কৰে পূৱ অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে। অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে যোৱা কেইবাটাও মাহৰ পৰা অৰুণাচলৰ চিয়াং নদীৰ পানীত চিমেন্ট মিশ্ৰিত, ব্ৰহ্মপুত্ৰ নৈৰ পানী প্ৰদূষিত হৈ থকা দেখা পোৱা গৈছে বুলি কয়।

ব্ৰহ্মপুত্ৰ তথা চিয়াঙৰ অধিক হাৰত পানী শুকাই যোৱাৰ লগতে পানী অধিক মাত্ৰাত ঘোলা হোৱা পৰিলক্ষিত হৈছে। পানীৰ বৰণ সলনি হৈ কলা আৰু নীলা হৈ পৰে দেখা গৈছে৷ অৰুণাচল প্ৰদেশৰ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰে৷ সাংসদগৰাকীয়ে চিয়াং নদীত চিমেন্ট মিশ্ৰিত পানীৰ প্ৰভাৱত ইয়াৰ মাছৰ লগতে শিহু অন্য জীৱ জন্তু নাইকীয়া হ’ব। চিয়াং নদীৰ পাৰত মাছমৰীয়া ভিৰ লাগিছিল কিন্তুু এতিয়া এই পৰিবেশ একেবাৰে নাইকিয়া হৈছে।

সংসদত প্ৰশ্ন উত্থাপন কৰিবৰ বাবে সাজু হোৱা বুলিও কয় সাংসদগৰাকীয়ে। যদি চুবুৰীয়া দেশ চীনে নদীৰ পানীৰ সুৰংগৰ জৰিয়তে জিনজিয়াল প্ৰান্তলৈ নিয়ে তেন্তে আগন্তুক দিনত ভাৰতৰ লগতে অসমৰ, বাংলাদেশ ব্যাপক প্ৰভাৱ পৰিব। বাংলাদেশৰ বহু হাজাৰ মানুহে চিয়াং নদীৰ ওপৰত নিৰ্ভৰশীল৷ ব্ৰক্ষ্মপুত্ৰৰ পানী বোকাময় হোৱাক লৈ সমগ্ৰ ৰাজ্যজুৰি শংকিত হৈ পৰাৰ সমান্তৰাল ভাবে শংকিত হৈ পৰিছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই। তেজপুৰত সাংবাদিকৰে হোৱা কথা বতৰাত সাংসদ জনে বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী বোকাময় হোৱাটো চিন্তাৰ বিষয় বুলি কয়৷ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়৷