শিৱসাগৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকা দলঙত বৃহৎ গাঁত, গাঁতৰ আকাৰ ডাঙৰ হোৱাতহে পৰিল চকু

newsnextone.com | নামতিঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ ঘণ্টাৰ ভিতৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও আজিও ঘাইপথৰ বিভিন্ন অংশত গাঁতেৰে ভৰি থকা দেখা যায়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰি আজিও বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গাঁত দেখা পোৱা যায়। ডিব্ৰুগড় জিলাৰ পৰা আৰম্ভ কৰি শিৱসাগৰ জিলালৈ বিভিন্ন ঠাইত গাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 

ইয়াৰ মাজতে ৩৭ নং ঘাইপথৰ এখন দলঙত বৃহ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দীৰ্ঘ সময় ধৰি দলং খনত গাঁতটো ৰাইজে প্ৰত্যক্ষ কৰিছিল। কিন্তু বিভাগে গুৰুত্ব প্ৰদান কৰা নাছিল। যেতিয়া ক্ৰমান্বয়ে গাঁতৰ আকাৰ ডাঙৰ হ'ব ধৰিলে তেতিয়াহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চকুত পৰে। 

বহু পলমকৈ হলেও শনিবাৰৰ পৰা শ্ৰমিক নিয়োগ কৰি গাঁত মেৰামতি কৰা থকা পৰিলক্ষিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকা দলঙত বৃহৎ গাঁতৰ সৃষ্টি হয়। ৰাইজে পথ দুৰ্ঘটনাৰ আশংকা কৰি আছিল। বিভাগে সময় মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজে এতিয়া যাতনা ভূগিবলগীয়া হৈছে। কিয়নো পুৱাৰে পৰা দলং মেৰামতি কৰাৰ বাবে ব্যাপক যান-জোঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।