পৰিবৰ্তন, গোৰেশ্বৰৰ চিকিৎসালয়ক গুৰুত্ব দিবনে বিধায়ক ভৱেশে

গোৰেশ্বৰঃ তদানীন্তন অগপ চৰকাৰৰ কাৰ্যকালত অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰত নিৰ্মাণ কৰিছিল এখন ত্ৰিশ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়৷ গোৰেশ্বৰৰ গাতে লাগি গোৰেশ্বৰ মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰা চিকিৎসালয় খনত প্ৰায় ২০টা বছৰ ভাৰতীয় সেনাই বাহৰ পাতি আছিল৷ চিকিৎসক-নাৰ্চ, সা-সৰঞ্জাম নথকাৰ ফলত চূণ-তেল সানি থোৱা গৃহ সমূহত প্ৰায় ২০টা বছৰ সেনাই বাহৰ পাতি আছিল৷ সুন্দৰ আৱাস গৃহ, বিদ্যুৎৰ সুবিধা, পানীৰ সুবিধা থকাৰ পিছতো কংগ্ৰেছ চৰকাৰে অগপৰ কাৰ্যকালত নিৰ্মাণ কৰা চিকিৎসালয় খনক গুৰুত্ব প্ৰদান নকৰিলে৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি কৰা চিকিৎসালয় খনত বহু বছৰ ধৰি মাথো এগৰাকী চিকিৎসক আৰু তিনিগৰাকী নাৰ্ছ আছিল৷ সেনাই বাহৰ পাতি থকাৰ বাবে বহু লোকে চিকিৎসালয়লৈ আহিবলৈ সংকোচ অনুভৱ কৰিছিল৷ ইমানে নহয় দিনৰ বাৰ বজাৰ পিছত চিকিৎসালয় খন বন্ধ হৈ পৰিছিল৷ কিয়নো চিকিৎসালয় খনত চিকিৎসকৰ লগতে নাৰ্ছৰ আৱাস গৃহত নাথাকি ঘৰৰ পৰা আহ-যাহ কৰিছিল৷ গোৰেশ্বৰৰ দল-সংগঠনে দীৰ্ঘ দিনধৰি চিকিৎসালয় খনত চিকিৎসক-নাৰ্চৰ নিযুক্তি দি কাৰ্যক্ষম কৰিবলৈ দাবী জনাই আহিছে যদিও পূৰ্বৰ চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে৷

যাৰ ফলত যোৱাটো বিধান সভাত নিৰ্বাচনত গোৰেশ্বৰৰ লোকে কংগ্ৰেছক এসেকা দি বিদায় দিয়ে৷ পৰিবৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দি গোৰেশ্বৰৰ ৰাইজে পৰিবৰ্তন হলে দেখা নাপালে৷ ২টা বছৰ পাৰ হ’বল হ’ল যদিও বিজেপি চৰকাৰ তথা ৰঙিয়াৰ বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই চিকিৎসালয় উন্নয়ণৰ বাবে গুৰুত্ব নিদিলে৷ আজিলৈ চিকিৎসালয় খনৰ ফালে ঘুৰি চাবলৈ সময় হোৱা নাই৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তন হোৱা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও উপযুক্ত চিকিৎসা সেৱাৰ পৰা আজিও বঞ্চিত হৈ আছে গোৰেশ্বৰবাসী।

১৯৯০ চনত স্থাপন কৰা ত্ৰিশ খন বিচনাযুক্ত চিকিৎসালয় খন আজিও কাৰ্যক্ষম নহ’ল৷ উপযুক্ত চিকিৎসক, নাৰ্চ, ঔষধ পাতিৰ লগতে আহিলা পাতিৰ অভাৱৰ বাবে চিকিৎসালয় খন নামতে থকাৰ লেখিয়া হৈছে। কোচ-ৰাজবংশী ছাত্র সন্থাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে গোৰেশ্বৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰ। সংগঠনটোৰ সভাপতি শংকৰ ৰাজবংশী, সম্পাদক নৱজ্যোতি বৰুৱাই আধুনিক চিকিৎসা সেৱাৰ অগ্ৰগতিৰ সময়তো গোৰেশ্বৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷

সাধাৰণ ৰোগী আজিও গোৰেশ্বৰৰ জনসাধাৰণে গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিব লগা হয়৷ নিশাৰ ভাগত বৃহত্তৰ অঞ্চলটোৰ চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে৷ কিয়নো একাংশ চিকিৎসক নিজা আৱাসত তকাৰ পৰিবৰ্তে ঘৰৰ পৰা অহা যোৱা কৰে। ছাত্ৰ সংগঠনটোৱে উক্ত স্বাস্থ্যকেন্দ্ৰটোত উপযুক্ত চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰী ৰখাৰ দাবী জনায়। বিচনাৰ লগতে নিশা ৰোগীক ৰখাৰ ব্যৱস্থা কৰাৰ লগতে অত্যাধুনিক চিকিৎসা সঁজুলি আৰু ২৪ ঘন্টাই চিকিৎসা সেৱা আগবঢ়োৱাৰ দাবী উত্থাপন কৰে আক্ৰাছুৱে।