যমুনামুখবাসীৰ উঠিছে খং, সন্ধিয়া হলেই স্পীড নোহোৱা হয় জিঅ’ৰ

newsnextone.com | হোজাইঃ নিতৌ নতুন নতুন অফাৰ দি চমক সৃষ্টি কৰি আহিছে জিঅ’ মোবাইল সেৱা কােম্পানীয়ে৷ অফাৰৰ ওপৰত অফাৰ। এবাৰ যদি হেপ্পী নিউ ইয়েৰ অফাৰ, এবাৰ প্ৰাইম মেম্বাৰশ্বিপ অফাৰ। আকৌ ছামাৰ ছাৰপ্ৰাইজ অফাৰ। এনেদৰে এটাৰ পিছত আনটো অফাৰেৰে গ্ৰাহকক প্ৰলোভিত কৰিবলৈ গৈ নেটৱৰ্ক যে বিভিন্ন এলেকাত দুৰ্বল হৈ পৰিছে সেই তথাক গুৰুত্ব দিয়াৰ সময় নাই জিঅ’ৰ৷ একেটা টাৱাৰত লাখ লাখ গ্ৰাহকৰ সংযোগ থকাৰ ফলত এতিয়া নেটৱৰ্ক দুৰ্বল হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অতিষ্ঠ হৈ পৰিছে হোজাই জিলাৰ যমুনামুখবাসী৷ দ্ৰুত ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া জিঅ’ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে যমুনামুখবাসী৷ বিগত কিছুদিন ধৰি হোজাইৰ জিলাৰ যমুনামুখত জিঅ’ই সেৱা আগবঢ়োৱাৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিম্নমানৰ সেৱা আগবঢ়োৱাত গ্রাহকসকল তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সন্ধিয়া হোৱাৰ ৰগে লগে ইণ্টাৰনেটৰ গতি কমি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

সাধাৰণ গ্রাহকত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া কোম্পানীটোৱে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভত ফাটি পৰিছে গ্রাহকসকল। বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত কোম্পানীটোৰ ওপৰত ৰাইজৰ আস্থা লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে। যমুনামুখত শীঘ্ৰে নেটৱৰ্কৰ সমস্যাটো সমাধান কৰি গ্রাহকসকলক উন্নত মানৰ সেৱা আগবঢ়াবলৈ ৰাইজে দাবী জনায়। অন্যথাই ৰাইজে একেলগে জিঅ’ সেৱাৰ এৰাৰ হুংকাৰ দিয়ে৷