
খেৰণিঃ ক্ৰমান্বয়ে অগ্নিগৰ্ভা হোৱাৰ দিশে ধাৱমান হৈছে অসমৰ প্ৰকৃতিৰ ৰাণী খ্যাত পাহাৰীয়া জিলা ডিমা হাচাও৷ যোৱা ৪০ ঘন্টাই অশান্ত হৈ আছে ডিমা হাচাওৰ পৰিৱেশ৷ ৰাজ্যৰ আন আন ঠাইত ৰাইজে ৰাজ পথলৈ ওলাই আহি গণ ৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লৈছে৷ কিন্তু গণ ৰাজ্য দিৱসৰ দিনতো দুৰ্ভগীয়া ডিমাচা জনগোষ্ঠীৰ লোকসকলে চকুলো টুকি টুকি পাৰ কৰিলে৷
দুজনকৈ তেজাল ডিমাছা থলুৱা যুৱকৰ মৃতদেহৰ বাবে দিনৰ দিনটো বাট চাই ভাত পানী পৰিহাৰ কৰি ভাগৰি পৰিছে জনগোষ্ঠীয় লোকসকলে৷ ডিমাছা ভূমিপুত্ৰসকলে চিৰদিন অসমীয়া হৈ থকাৰ গৌৰৱ অৰ্জন কৰিব খোজে৷কিন্তু তেওঁলোকক যেন আন ৰাজ্যত চামিল যাবলৈ বাধ্য কৰোৱা হৈছে৷ তেওঁলোকে আজি অনুভৱ কৰিছে যে তেওলোকৰ হৈ মাত মাতিবলৈ যেন কোনো নাই৷

যিটো চিন্তাই তেওলোকক খুলি খুলি খাইছে৷ তেওলোকৰ ক্ষুদ্ধ হোৱাটো স্বাভাৱিক৷ তেওলোকৰ খং উঠিবই৷ অসম আৰু অসমীয়াৰ অংগ ডিমাচাসকল সদায় অসমীয়া হৈ থাকিব বিছাৰে৷ কোনো কালেই ভূমিপুত্ৰ ডিমাচাসকলক আন ৰাজ্যৰ সৈতে চামিল হ’ব নোখোজে৷ তেওলোকক আন ৰাজ্যৰ বাসিন্দা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা হোৱা বুলি তেওঁলোকে গোন্ধ পাইছে৷
সহজ-সৰল, চিৰদিন অসমীয়া হৈ অসমক জিলিকাই ৰখা ডিমাচাসকল অসমীয়া জাতিৰ অভিন্ন অংগ হৈ থাকিলে কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ নহ’ব নেকি? কেৱল ৰাজনৈতিক স্বাৰ্থত অসমৰ পৰা আন ৰাজ্যত চামিল হ’বলৈ বাধ্য কৰোৱা হ’ব নেকি ডিমাচাসকলক৷ অসমৰ সুযোগ্য সন্তানসকলক অসমৰ পৰা একপ্ৰকাৰ আঁতৰি যাবলৈ বাধ্য কৰোৱা বুলি অনুভৱ কৰিছে তেওলোকে৷ অসম নামৰ ভূখণ্ড তেওলোকৰ অতি আপোন৷ অসমক লৈ গৌৰৱ কৰে তেওলোকে৷
অসমৰ নামেৰে পৰিচয় দি গৌৰৱ অনুভৱ কৰে৷ কিন্তু অসম আৰু অসমীয়া জাতিৰ হকে কাম কৰা ডিমাচাসকলক আন এখন ৰাজ্যৰ সৈতে চামিল কৰিব খুজিলে তেওলোকৰ অন্তৰ ভাঙি পৰাটো স্বাভাৱিক৷কিন্তু চিন্তাৰ বিষয় যে তেওলোকৰ দূখৰ সময়ত মাত মাতিবলৈ আজি কোনো নাই৷দুজনকৈ অসহায় ডিমাচা যুৱকৰ পুলিচৰ গুলীত মৃত্যু হোৱাৰ পিছতো ৰাজ্যৰ কোনো ঠাইত প্ৰতিবাদ নহ’ল৷
কাৰো পুতলা নজ্বলিল৷ প্ৰতিবাদ কৰা নহ’ল ৷ গৰিহণা নিদিলে কোনেও৷ আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা, অসম গণ পৰিষদে কিয় মাত নিদিয়ে অসমৰ থলুৱা জনগোষ্ঠীটোৰ হকে৷ আজি গুৱাহাটীত কিয় প্ৰতিবাদ ন’হল৷ গুৱাহাটীৰ পৰা প্ৰতিনিধি দল গৈ কিয় সান্তনা দিয়া ন’হল ডিমাচাসকলক৷ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যাবোৰ অসমৰ জাতীয়তাবাদী নেতাসকলে গুৰুত্ব সহকাৰে নলয় কিয়৷
তেওলোকে আজি কবলৈ বাধ্য হৈছে আমি অসমীয়া নহয় নেকি? আমি অসমী আইৰ সন্তান নহয় নেকি? ৷ newsnextone.comক নাম প্ৰকাশত অনিচ্ছুক একাংশ ডিমাচা যুৱকে আৱেগিক হৈ কয় ‘‘ৰাজ্যৰ আন ঠাইত আৰক্ষীৰ গুলীত এনেদৰে যুৱকে মৰিলে তীব্ৰ প্ৰতিবাদ হল হেতেন, সমগ্ৰ অসমত পথ অৱৰোধ হ’ল হেতেন৷ জাতীয় সংগঠনে গৰিহণা দিলে হেতেন৷
কিন্তু আমি ডিমাচা বাবে আমাক এলাগী কৰা হয়৷ আমিটো অসমৰ সৈতে থাকিব বিচাৰিছো৷ আমাক আজিও আকোৱালি লোৱা নাই যেন লাগে৷’’ গণ ৰাজ্য দিৱসৰ এদিন পূৰ্বে পাৰ্বত্য জিলা ডিমা হাচাওক নাগালিমত অন্তৰ্ভুতি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হয় ডিমাচাসকলে৷ পাহাৰীয়া জিলাখনত হিংসাত্মক ঘটনা-প্ৰতিবাদৰ সূত্ৰপাত ঘটাই নাগালিমত অন্তৰ্ভুতিৰ খবৰে। আৰ এছ এছৰ উত্তৰ-পূৱৰ সাংগঠনিক দায়িত্বত থকা জগদম্বা মলৰ বিতৰ্কিত মন্তব্য তথা ডিমা হাচাওক নাগালেণ্ডৰ অন্তৰ্ভুক্তীকৰণৰ চেষ্টাৰ প্ৰতিবাদত যোৱা ৪০ ঘন্টাত উত্তাল হৈ পৰে ডিমা হাছাওৰ বিভিন্ন প্ৰান্ত।
বৃহস্পতিবাৰে জিলাখনৰ পাঁচ সংগঠনে ১২ ঘন্টীয়া জিলা বন্ধৰ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ডিমা হাচাওবাসীয়ে মাইবঙত ৰূপায়ন কৰে ৰেলপথ অৱৰোধ কাৰ্যসূচী। ৰেলপথ অৱৰোধতেই সৃষ্টি হয় ভয়ানক হিংসাত্মক ঘটনাৰ। আৰক্ষীৰ গুলীত প্ৰাণ যায় দুজনকৈ নিৰীহ প্রতিবাদী যুৱকৰ৷ সমগ্ৰ ডিমা হাচাওত সৃষ্টি হয় এক চেপা-উত্তেজনা৷ বলৱৎ হয় সান্ধ্যা আইন, জিলা বন্ধৰ ঘটনা।
ডিমা হাছাওত ৬৯ সংখ্যক গণৰাজ্য দিৱস পালনৰ বিপৰীতে ধাৰাবাহিকভাৱে পুনৰ ৪৮ ঘন্টীয়া জিলা বন্ধৰ আহ্বান জনায় ডিমা হাছাওবাসীয়ে। সম্পূৰ্ণৰূপে বৰ্জন কৰে গণৰাজ্য দিৱস৷ জিলাখনত, সৰ্বাত্মকৰূপত পৰিলক্ষিত হয় বন্ধৰ প্ৰভাৱ। ডিমা হাচাওত জাতীয় পতাকাৰ সলনি ৰাজপথত উৰিল ক'লা পতাকা। মুঠতে মাইবং কাণ্ডত মিঠুঞ্জয় দিব্ৰাগেদে আৰু প্ৰৱান্ত হাগমাওছা নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ডিমা হাচাওৰ দিয়ুংব্ৰা, মাণ্ডাদিছা আৰু আন ঠাইত মূৰত ক'লা ফিটা বান্ধি উত্তোলন কৰে ক'লা পতাকা ডিমা হাচাওবাসীয়ে।
আনকি দিয়ুংব্ৰাত নিহতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে ৰাজপথতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাওবাসীয়ে৷ মাইবং কাণ্ডত আঁহত হোৱা লোকসকলৰ বাবে সংগ্রহ কৰে আর্থিক সাহায্য৷ দিয়ুংব্ৰাৰ একাংশই দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সোণোৱাল, আৰক্ষী অধীক্ষক, জিলা উপায়ুক্তৰ বিৰুদ্ধে ব্যাপক অভিযোগ উত্থাপন কৰে৷ মাইবং কাণ্ডৰ মূলতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জগৰীয়া বুলি মত পোষণ কৰিছে। শীঘ্ৰে ঘটনাৰ উচিত তদন্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
আঁহত-নিহত পৰিয়ালক ক্ষতি পূৰণ দিয়াৰো দাবী জনাই চৰকাৰক ডিমা হাচাওবাসীয়ে। একাংশই লোকে নাগালিমক লৈ ইতিমধ্যে দুজনে প্ৰাণ আহুতি দিলে, গতিকে কেন্দ্ৰীয় নতুবা ৰাজ্য চৰকাৰে জানি থোৱা ভাল যে প্ৰয়োজন হলে পুনৰ প্ৰাণ দিম বহুজনে কিন্তু নাগালেণ্ডক এক ইঞ্চি মাটিও নিদিওঁ বুলি ক্ষোভ উজাৰে৷ যোৱা ৪০ ঘন্টা ধৰি উত্তেজনাই শাম কটা নাই ডিমা হাচাওৰ পৰিস্থিতি। বৃহত্তৰ নাগালিমৰ পৰিবৰ্তে চুবুৰীয়া নাগা বসতি প্ৰধান এলেকাক লৈ ফ্ৰন্টিয়াৰ নাগালেণ্ড গঠনৰ প্ৰস্তাৱৰ পিছতেই জংগী আন্দোলন জপিয়াই পৰে ডিমা হাচাওৰ জনসাধৰণে।
বৃহস্পতিবাৰে ৰেল পথ অৱৰোধ, ৰে’লত আক্ৰমণ আৰু ষ্টেছন গৃহত আক্ৰমণ কৰাৰ পিছৰে পৰা উত্তেজনা অব্যাহত আছে আজিও। শুকুৰবাৰে গণ ৰাজ্য দিৱসৰ দিনটোতে ডিমা হাচাওৰ যুৱকসকলে ঠায়ে একত্ৰিত হোৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷ বৃহস্পতিবাৰে কেইবাগৰাকী প্ৰতিবাদকাৰী আৰ৭ীৰ গুলীত লোক আহত হৈছিল৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰাত তিনিজনকৈ যুৱকৰ দেহত গুলী লাগে। ইয়াৰে দুজন যুৱকৰ ইতিমধ্যে মৃত্যু হয়। মাইবং ষ্টেছনত গুলীচালনাত গুৰুতৰ ভাৱে আহত প্ৰবন্ত হাকমছা, মিঠুঞ্জয় দিব্ৰাগেদে নামৰ যুৱক দুজনৰ মৃত্যু হয়।
আনহাতে ৩টা গুলী দেহত লৈ যন্ত্ৰণাত ছটফটাই থকা সমৰজিত ছেনউং নাম যুৱকজনক শুকুৰবাৰে পুৱাই গুৱাহাটীৰ জিএমআৰচিত ভৰ্তি কৰা হয়৷ পাহাৰীয়া জিলা ডিমা হাছওক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা ৫টা ডিমাচা সংগঠনে ১২ ঘন্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনায়৷ বন্ধৰ সময় ছোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাইবং ৰেল ষ্টেছনত৷ শ-শ লোকে পুৱাই মাইবং ৰেল ষ্টেছনত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
আৰ এছ এছ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শ-শ লোকে৷ সময়তে একাংশ উত্তেজিত লোকে ৰেলত আক্ৰমণ কৰাৰ লগতে শিলাবৰ্ষণ কৰে ষ্টেছনৰ গৃহত৷ ৰেলত আক্ৰমণ, গৃহত শিলাবৰ্ষণ কৰাৰ লগতে ৰেল লাইন উঠাবলৈ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে৷
শিলচৰ অভিমুখী যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ প্ৰহাৰক ৮ জনকৈ লোক আহত হৈছিল৷ যাৰ ফলত যোৱা ৩০ ঘন্টা ধৰি ডিমা হাচাওত দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ আছে। ডিমাচা যুৱকসকলে ফেচবুক লাইভ কৰি সমস্ত ঘটনাৰ প্ৰচাৰ কৰা দেখা গৈছে।