
গোৰেশ্বৰঃ সৰ্বদিশতে উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি, বিপিএফ দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ শক্তি বিভাগৰ উন্নয়ণ কৰি ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷
২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাটো দূৰৰ কথা গ্ৰাম্য অঞ্চলত আজিও গছত, বাঁহৰ খুঁটাত বিদ্যুৎ সংযোদ দিয়া দেখা যায়৷ একপ্ৰকাৰ কৈ থাকিলে শেষ নহয় ৰাজ্যৰ শক্তি বিভাগৰ গাফিলতিৰ কথা৷ কৰবাত যদি তাঁৰ ছিগি পৰি থকাৰ ফলত মানুহ মৰিছে কৰবাত আকৌ বাঁহৰ খুঁটাৰে টানি নিছে বিদ্যুৎ পৰিবাহী তাঁৰ৷ কৰবাত হাবি জংঘলে আৱৰি ৰাখিছে ট্ৰেন্সফৰ্মাৰ, আন কৰবাত গছত বিদ্যুৎ পৰিবাহী তাৰ বান্ধি সৰবৰাহ কৰিছে বিদ্যুৎ৷ মুঠৰ ওপৰত বিভাগটোত এতিয়া পয়মালেই পয়মাল৷
বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটা অঞ্চলত বিপদ জনক ভাৱে বিদ্যুত বিভাগে যোগান ধৰি আছে বিদ্যুত সেৱা। নাওকাটা অঞ্চলৰ জাবাংপাৰ গাঁৱৰ বেজচুবুৰীত যোৱা দহ বছৰ পূৰ্বেই বিদ্যুতৰ সংযোগ দিয়া হৈছিল যদিও ইয়াৰ পদ্ধতি অতি বিপদ জনক। বিদ্যুতৰ খুটা হিচাপে ব্যৱহাৰ কৰা হৈছে বাঁহৰ খুঁটা। কোনো স্থানত একোডাল গছত বান্ধিও বৈদ্যুতৰ তাঁৰ ওলোমাই ৰখা হৈছে। এনেদৰে ঘৰে-ঘৰে দিয়া হৈছে বিদ্যুতৰ সংযোগ। গাঁওবাসীয়ে অভিযোগ কৰা মতে ঠিকাদাৰে পকী খুঁটা দিয়াৰ বাবদ প্ৰতিঘৰৰ পৰা ধন সংগ্ৰহ কৰিছিল যদিও আজিলৈ পকী খুঁটা নিদিলে।
একাংশ লোকে সেইসময়ত সম্পত্তি বিক্ৰী কৰিও দিছিল পকী খুঁটাৰ বাবাদ ধন। একোডাল বিদ্যুতৰ তাঁৰ দুভাগ কৰি গাঁওখনত বিপদজনক ভাৱে বিদ্যুত সংযোগ দিয়ে। বিদ্যুত বিলৰ ক্ষেত্ৰতো ষথেষ্ঠ খেলিমেলি কৰি অহা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ গাঁও খনৰ লোকসকলৰ মিটাৰ চাবলৈ নহাকৈ অনুমানতে বিল প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ৰঙিয়া বিদ্যুত উপ-সংমণ্ডলৰ বিৰুদ্ধে। ৰঙিয়া বিদ্যুত উপ-সংমণ্ডলৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো গুৰুত্ব আৰোপ নকৰা বুলি কয় ৰাইজে৷
গছ-বাঁহত ওলমি থকা তাঁৰ সমূহত তললৈ নামি অহাত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে৷ বাঁহৰ খুঁটা বোৰ পচি যাবলৈ আৰম্ভ কৰাত ৰাইজে খোদ সলনি কৰি লব লগা হয়৷ কেৱল মিটাৰ পৰীক্ষণ নকৰাকৈ বিল প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰিছে বিদ্যুত বিভাগটোৱে। ঠিকাদাৰে পকী খুঁটা আনি দিয়াৰ দায়িত্ব লৈছিল তেওঁলোকৰো কোনো খা-খবৰ নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷