পশ্চিম কাৰ্বি আংলঙত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

খেৰণিঃ নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলেই ৰাইজৰ কল্যাণ সাধন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু গাদী দখল কৰাৰ পিছত তেওলোকে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ পাহৰি যায়৷ নিৰ্বাচনৰ পাৰ হোৱাৰ পিছত নিজৰ সমষ্টিটোকে পাহৰি যায় তেওলোকে৷ পূৰ্বৰ ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰে ৰাজ্য খনৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ. শিক্ষা খণ্ডত উন্নয়ণ কৰিব নোৱাৰা লগতে বৰ্তমানৰ চৰকাৰ খনেও ২ বছৰ পাৰ হ’বৰ হ’ল যদিও ৰাইজৰ উন্নয়ণ কৰাৰ পৰা দূৰে দূৰে থকা পৰিলক্ষিত হয়৷

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে কাৰ্বি আংলংৰ উন্নয়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল৷ তাৰ মাজতে, ঘন জংঘলত বিকল-পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপি পানী যোগান আঁচনি। বিশুদ্ধ খোৱাপানী যোগানৰ বাবে নহয় প্রদৰ্শনীৰ বাবেহে স্থাপন কৰা হৈছিল লাংমেপিৰ পানী যোগান আঁচনি। সঁচাকৈ এক পৰিতাপৰ বিষয় এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মৰুভূমিৰ মৰীচিকা দেখা যেন ভ্ৰম দেখিছে কাৰ্বি আংলঙৰ লাংমেপিবাসীয়ে।

মৰুঞ্চলত তৃঞ্চাতুৰ জীৱকূলে মৰুভূমিৰ মৰীচিকা দেখি যিদৰে পানী লাভ কৰাৰ ভ্ৰম দেখে ঠিক একেদৰে লাংমেপিবাসীয়ে লাংমেপিত স্থাপন কৰা পানী যোগান আঁচনিৰ যোগে এদিন নহয় এদিন হলেও বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি দেখিবলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ বৃহত্তৰ কাৰ্বি পাহাৰৰ ভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যেৰে অভিলাষী আচঁনিৰ জৰিয়তে বহু পানী যোগান আঁচনি স্থাপন কৰিছিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে।

পিছে কি হব, এনে অমূল্য সম্পদসমূহ যেন এতিয়া মূল্যহীন হৈ পৰিছে সমগ্ৰ পাহাৰীয়া জিলাখনতে। ক'ৰবাত যদি স্থাপন কৰা আঁচনিয়ে ৰাইজক পানী যোগান ধৰিবলৈ সক্ষম নৌহওতে বিকল অৱস্থাৰে শ্মশান যাত্ৰা কৰিছে, আন কৰবাত আকৌ ঘন জংঘলৰ আৱৰণৰ মাজত পয়ালগা অৱস্থাৰে প্ৰদৰ্শনীমূলকভাৱে থিয় দি ৰৈছে কেইখনমান আঁচনি। এক কথাত কবলৈ গলে, কেৱল নামত আঁচনি কিন্তু কামৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত স্থিতিৰে প্রদৰ্শনীমূলকভাৱে থিয় দি থকা অলেখ আঁচনিৰ ভিতৰত খেৰণি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধিনত থকা লাংমেপি পানী যোগান আঁচনিও যেন অন্যতম।

পানী যোগান আঁচনি থকাৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ লাংমেপিবাসীয়ে। আঁচনি আছে, কিন্তু পানী নাই। আঁচনি স্থাপন কৰাও প্ৰায় দহটা বছৰ অতিক্রম কৰিলে, যাৱতীয় যন্ত্ৰপাতিও সংস্থাপন কৰিলে, ঠায়ে ঠায়ে পানীৰ টেপ আদিও স্থাপন কৰিলে, বিভাগীয় কৰ্মচাৰী নিয়োগ কৰিলে, পিছে লাংমেপি পানী যোগান আঁচনিৰ পৰা এটুপি পানী নাপালে পানীৰ অভাৱত দীৰ্ঘদিন ধৰি হাহাকাৰ কৰি থকা অঞ্চটোৰ ৰাইজে।

মুঠতে আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকা ব্যয় কৰাৰ পাছতো সচাঁকৈ ৰাইজে পানী নোপোৱা বিষয়টোয়ে চৰকাৰী ধন অপচয় হোৱাৰ প্ৰমাণ দাঙি ধৰিছে এতিয়া এই আচঁনিখনে। গুৰুত্বপূৰ্ণ যে এইদৰে কাৰ্বি পাহাৰত চৰকাৰী ধন অপচয় হোৱাৰ ছবিবোৰ দেখি বা দেখিলে সকলোৰে হয়তো চকুলো উলায়, কিন্তু ভুলক্ৰমে হলেও একান্ত বাধ্য হৈ থিয় দি থকা লাংমেপিৰ পানী-টেপ কেইটাৰে কিন্তু এটুপিও পানী নোলায়। যাৰ ফলত অন্যান্য সমস্যাৰ লগতে বিশুদ্ধ খোৱাপানী সমস্যাৰে জৰ্জৰিত হৈ অহা লাংমেপিবাসীয়ে খোৱা পানী নোপোৱাৰ তাড়নাত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগটোকে আক্ৰমণৰ লক্ষ্য হিছাপে লৈ গোৱাল গালি পাৰি নিজৰ ক্ষোভ উজাৰিছে।