আজিও উন্মুক্ত মথাউৰি, গোৰেশ্বৰৰ বাবে বাৰিষা মানেই অভিশাপ, খবৰ নলয় মন্ত্ৰী হ’ব খোজা বিধায়কে

গোৰেশ্বৰঃ তেওঁলোকৰ বাবে বাৰিষা মানেই অভিশাপ৷ উন্মুক্ত নৈৰ পাৰৰ বাসিন্দা তেওঁলোক৷ মথাউৰি তথা সুৰক্ষা নোহোৱা নৈৰ পাৰৰ বাসিন্দা হোৱাৰ বাবেই তেওঁলোকে বাৰিষা আহিলেই বাঢ়নী পানীৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয়৷

বাক্সা জিলাৰ গোৰেশ্বৰত শুক্লাই নৈৰ এটি বৃহৎ অংশ উন্মুক্ত হৈ থকাত এজাক বৰষুণতে জলমগ্ন হৈ পৰে কেইবাখনো গাঁও৷ প্ৰতিজাক বৰষুণ তেওঁলোকৰ বাবে অভিশাপ৷ বৰষুণ হ'লে বানপানী হয় আৰু বানপানীৰ পৰা তেওঁলোকে ভোগ কৰি আহিছে যমৰ যাতনা।

ইমানে নহয়, নৈ খনৰ দুয়োপাৰে বসবাস কৰি অহা লোকসকলৰ প্ৰতিবাৰে খেতি পথাৰ নষ্ট কৰি আহিছে নৈখনৰ পানীয়ে। আজি অসহায় বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাওত বানৰ তাণ্ডব সৃষ্টি কৰি বহু লোকৰ  ঘৰ বাৰী প্ৰতিবছৰে উচন কৰি আহিছে৷ 

ৰাজ্যৰ প্ৰতিখন সৰু বৰ নদ-নদীয়ে বাৰিষা অহাৰ লগে লগে বানৰ সৃষ্টি হয়। সমগ্ৰ ৰাজ্যত প্ৰতিবছৰে সৃষ্টি হোৱা বানক লৈ কিন্তু উদ্বিগ্ন নহয় পৰিবৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰ। বাৰিষা আহিবৰ হ'ল যদিও এতিয়াও উন্মুক্ত হৈ আছে ৰাজ্যৰ বহু নৈৰ মথাউৰি। ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নৈয়ে প্ৰতিবছৰে কেইবা হাজাৰ লোকৰ ক্ষতিসাধন কৰি আহিছে। 

গোৰেশ্বৰৰ নাথকুছি-বগৰিবাৰীত গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰবাৰী উচন কৰাৰ পিছতো গা-নলৰিল চৰকাৰৰ। নদীৰ গতিপথ সলনি হোৱাৰ লগে-লগে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ ফলত এনেদৰে নদীৰ কাষত বসবাস কৰা জনজাতীয় পৰিয়ালকেইটাৰ ঘৰ মাটি নদীৰ বুকুত জাহ যোৱাত স্থানান্তৰ হ'বলগীয়া হৈছিল বহু পৰিয়ালে। 

যোৱা বছৰটোত বালিৰে নিৰ্মাণ কৰা মথাউৰি খহাই নিয়াত ক্ষতিগ্ৰস্ত ৰাইজে উন্মুক্ত নৈৰ পাৰত শংকিত হৈ পৰিছে৷ বিশেষকৈ বগৰিবাৰীবাসী শংকিত হৈ পৰিছে। লগতে বড়িগাও, চেনীগাঁও, বেটাগাঁও, নাথকুছি আদিকে ধৰি ৫ খন গাঁও নিশ্চিতভাবে বানৰ কৱলত পৰাৰ শংকাৰ পিছতো কোনো ব্যৱস্থা নলোৱাত জনপ্ৰতিনিধিক ধিক্কাৰ দিয়ে ৰাইজে। 

ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু বিটিচিৰ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ ই এম গণেশ কছাৰীয়ে বৰ্তমানলৈ মথাউৰি নিৰ্মাণ বা শৈলবান্ধ নিৰ্মাণ নকৰাত আতকৰ দিন পাৰ কৰিছে গাঁও সমূহৰ লোকে৷ আনহাতে জনজাতীয় লোকসকলে বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নিৰ্বাচন পাৰ হোৱাৰ পিছত খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷