শোৱাপাটীত গড়কাপ্তানী বিভাগ, অভয়াপুৰীত নাও যাত্ৰা অব্যাহত

অভয়াপুৰীঃ যাতায়াতৰ নামত জীয়াতু ভুগিছে কুশবাৰীৰ ৰাইজ৷ পৰিবৰ্তনৰ শ্ল’গানেৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ শাসন ক্ষমতা কুক্ষিগত কৰিলেও ৰাজ্যখনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মানসিকতাৰ তিলমানো পৰিবৰ্তন নহ’ল। সম্প্ৰতি তেনে এটা ঘটনাই পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু মেৰেৰচৰ গাঁও পঞ্চায়তৰ অধীনস্থ কুশবাৰী আৰু মেৰেৰচৰ সংযোগী গড়কাপ্তানী পথটোৰ এছোৱা আই নদীৰ বাঢ়নি পানীয়ে ছিগি লৈ যায়৷ যাৰ ফলত বৃহৎ অঞ্চলটোৰ গঞা ৰাইজে যাতায়াতৰ নামত জীয়াতু ভুগিব লগীয়া হৈছে।

উল্লেখযোগ্য যে, উক্ত গড়কাপ্তানী পথটোৱে মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কুশবাৰী, মেৰেৰচৰ, পল্টনবজাৰ, জয়পুৰ, চিকাটাৰী আদিকে ধৰি প্ৰায় ৩৫ খন গাঁওৰ ৰাইজৰ যাতায়াতৰ একমাত্র পথ হোৱাত এই অঞ্চলৰ গঞা ৰাইজে যাতায়াতৰ নামত যমৰ যাতনা ভুগিবলগীয়া হৈছে।

আনহাতে এই বৃহৎ অঞ্চলত বসবাস কৰা একাংশ চৰকাৰী কৰ্মচাৰী, ক্ষুদ্ৰ ব্যবসায়ী, শ্ৰমিক আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে নাৱেৰে বিপদসংকুল ভাবে যাতায়াত কৰিবলৈ বাধ্য হৈছে। বানে বিধ্বস্ত কৰা এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ বাবে গড়কাপ্তানী বিভাগে বিনামূলীয়া ভাবে নাৱৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি সেয়া অসাৰ প্ৰতিপন্ন হৈছে।

এই গাঁওলীয়া অঞ্চলটোৰ সৰ্বসাধাৰণৰ ৰাইজকে ধৰি ছাত্ৰ-ছাত্ৰীসকলে বিগত ৩/৪ মাহে গাঁঠিৰ ধন ভাঙি নাঁওৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিবলৈ বাধা হৈ পৰিছে। ইপিনে অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক, বৰপেটা লোকসভা সমষ্টিৰ সাংসদকে ধৰি সংশ্লিষ্ট বিভাগক বাৰাম্বাৰ অনুৰোধ জনোৱা স্বত্তেও কোনো এটা পক্ষই গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ পৰিৗচে স্থানীয় ৰাইজ৷

সৰ্বসাধাৰণ ৰাইজে অতি সোনকালে যাতায়াতৰ ব্যৱস্থা কৰি দিবলৈ দাবী তুলি গড়কাপ্তানী পথটোৰ ছিঙা অংশত আজি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।