
নলবাৰীঃ সমষ্টি উন্নয়ণৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোট লৈ বিধায়ক হোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিৰ উন্নয়ণত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ নলবাৰীৰ বগলচ ৰোড -নদ্দী-বিহামপুৰ গড়কাপ্তানী পথ মেৰামতি নকৰাৰ ফলত জহি-খহি যোৱাত আহ-যাহ কৰাৰ অৱস্থা নোহোৱা হৈছে৷ প্ৰতিদিনে চাকৰিয়াল, ব্যৱসায়ী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰে৷
বাৰিষা-খৰালি পথটোৰ বৃহৎ বৃহৎ গাতে যাতায়াতত চৰম দূৰবস্থাৰ সন্মুখীন হৈ আহিছে ৰাইজে। অঞ্চলটোৰ সচেতন ৰাইজে বিগত সময়ত ৰাজ্যৰ পৰিবৰ্তনমুখী চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ কৰি আহিছে যদিও আজিলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
চন্দ্ৰমোহন পাটোৱাৰী মাথো এম জি এনৰেগাৰ পথ কেইটামান নাম ফলক লগাই নিজৰ দায়িত্ব সামৰিছে নেকি বুলি কয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিচাৰ কৰিম বুলি ক্ষোভ ব্যক্ত কৰে অঞ্চলটোৰ একাংশ লোকে৷ ধৰ্মপুৰ সমষ্টিত আজিলৈকে বিধায়ক পাটোৱাৰীয়ে চকুত লগা কাম একো বিশেষ কৰিব পৰা নাই বুলি অভিযোগ কৰি পথটো কিছু অংশ নলবাৰী সমষ্টিত পৰে যদিও বেছি অংশ ধৰ্মপুৰ সমষ্টিত পৰে।