চকলা-চকলে এৰিছে নিৰ্মাণৰত পকী পথ, শিবু মিশ্ৰৰ সমষ্টিত ঠিকাদাৰৰ ৰামৰাজ

মোৰাঝাৰঃ পৰিৱৰ্তনৰ দোহাই দি চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফ দলে সঁচাকৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছেনে৷ যদি এই কথাৰ উত্তৰ বিচাৰিব লগা হয় তেন্তে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত পাৰ্থক্য কি আছে তাকেই চাব লাগিব৷ পূৰ্বৰ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি-ভ্ৰষ্টাচাৰ হৈছিল সেয়া আজিও হৈ আছে৷ হয়তো দুৰ্নীতিৰ কথা প্ৰচাৰ কম কৈ হয়৷

প্ৰতিটো কাৰ্যালয়ত কাম কৰি দিয়াৰ বিনিময়ত আজিও টকা দিব লগা হয়৷ কেৱল বিষয়াৰ টকা সংগ্ৰহ কৰাৰ পদ্ধতি সলনি হৈছে৷ আজিও জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হয়৷ সীমান্তত নগাই তাণ্ডৱ আজিও চলাই গৈছে৷ আজিও ৰাজ পথত যান-বাহনৰ পৰা টকা সংগ্ৰহ কৰাৰ নিয়ম চলি আছে৷ ঠিকাদাৰৰ মই মতালি আজিও চলে৷

ঠিকাদাৰে ধন ঘটাৰ স্বাৰ্থত বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ ফলত ৰাইজে বাৰে বাৰে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হয়৷ মুঠৰ ওপৰত পৰিৱৰ্তনৰ নামত এখন ধূসৰ ছবিহে দেখিছে ৰাইজে৷ পৰিৱৰ্তনৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনৰ কথাকৈ ভোট ভিক্ষা কৰি চৰকাৰ গঠন কৰিছিল অগপ, বিজেপি আৰু বিপিএফে৷ কিন্তু এই খন চৰকাৰৰ দিনতেই এতিয়া ঠিকাদাৰে ব্যাপক লুন্ঠনৰ আশ্ৰয় লৈছে৷

ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ প্ৰচাৰ হৈ অহাৰ সময়তে হোজাই জিলাৰ কাকী শনিবজাৰত শনিবাৰে পুৱাই ৰাইজ ওলাই আহিল ৰাজপথলৈ৷ হোজাই-উদালগুৰি গড়কাপ্তানী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হয়৷ ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো এফালৰ পৰা ব্লেক টেপিং পাৰি গৈছে যদিও পকীবোৰ এৰি যাবলৈ আৰম্ভ কৰাত ৰাইজ ক্ষোভিত হৈ পৰে৷

পকীবোৰ চপৰা-চপৰে খহিবলৈ ধৰাত গড়কাপ্তানী বিভাগে ঠিকাদাৰৰ কাম-কাজত নজৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ঠিকাদাৰে পথৰ জাৱৰ-জোঁথৰ, ধূলি-বালিৰ ওপৰতে ব্লেক টেপিং কৰাৰ ফলত দুই এখন বাহন চলাচল কৰাৰ ফলত পকী সমূহ এফালৰ পৰা উঠি যোৱা পৰিলক্ষিত হৈছে। পকীসমূহ হাতেৰে সহজেই উঠাই আনিব পাৰি।

অনভিজ্ঞ ঠিকাদাৰক কাম কৰিব দিয়াৰ ফলত পথৰ অৱস্থা এনেকুৱা হোৱা বুলি চৰ্চা হৈছে হোজাই জিলাত৷ বিধায়ক শিবু মিশ্ৰই আধাৰশিলা স্থাপন কৰা পথটোৰ এনে অৱস্থাৰ বাবে বিধায়কগৰাকীকো ৰাইজে জগৰীয়া কৰে। নিজ সমষ্টিৰ কাম চোৱা চিতা নকৰাৰ ফলত এনে অৱস্থা হোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰে।তথ্য জনাৰ অধিকাৰ আইন অনুসৰি পথৰ ফলক লগাই আঁচনিৰ ধনকে ধৰি তথ্য সমূহ উল্লেখ কৰব লাগে যদিও কোনো ধৰণৰ ফলক নলগোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷