জৰাজীৰ্ণ পথৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত জগৰাহাবি গাঁওবাসীৰ

দিচাংমুখঃ শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ এখন গাঁও জগৰাহাবি। বেপাৰ বানিজ্যৰে জীৱিকা অৰ্জন কৰা গাওখনৰ অধিকাংশ লোকে এতিয়া জীয়াতু ভূগীবলগীয়া হৈছে৷ কাৰণ শিৱসাগৰ চহৰৰ পৰা জগৰাহাবি গাঁও সংযোগী একমাত্ৰ পথটো৷ 

গড়কাপ্তানী বিভাগৰ হেমাহিৰ বাবে দিনক দিনে জৰাজীৰ্ণ ৰুপ ধাৰণ কৰা ফথটোৰে এতিয়া পাৰ নহয় তিনিচকীয়া চাৰিচকীয়া বাহন৷ যাৰ ফলত ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হ’বলগীয়া হৈছে গাঁওখনৰ বাসিন্দা সকল৷

আনহাতে এই বিয়য়ে বিভাগীয় কৰ্তৃপক্ষক গাঁওবাসীয়ে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে৷ 

যাৰ ফলত গাঁওবাসী ক্ষোভিত হৈ পৰিছে৷ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা গাঁওবাসীয়ে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷