
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
ধুবুৰীঃ মাথো কিছুদিন পূৰ্বে খেতি পথাৰত দুজন লোকক বাঘে আক্ৰমণ কৰাৰ লগতে হাতে হাতে লাঠী লৈ বাঘ হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি মাৰ নৌযাওঁতেই পুনৰ ধুবুৰী জিলাৰ গৌৰীপুৰত বাঘৰ আতংকত নিদ্ৰাহৰণ হৈছে শ-শ লোকৰ৷
জিলা খনৰ ব্ৰহ্মপুত্ৰৰ দাতিৰ চৰ এলেকাত নাহৰফুটুকিয়ে জনাঞ্চলত প্ৰবেশ কৰি বিচৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়৷
ধুবুৰী আৰু বিটিএডি এলেকাৰ পাহাৰৰ গছগছনি আৰু কাটি তহিলং কৰাৰ ফলত বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰিছে বুলি ৰাইজ কব বিছাৰে৷ নাহৰফুটুকিয়ে নিধনহোৱাৰ পিছৰে পৰা অঞ্চলটোত বাঘ থকাৰ ভ্ৰমে ৰাইজক খেদি ফুৰিছে৷ ৰাইজে এন্ধাৰ হোৱাৰ পিছতে বাঘৰ আতংকত দিন পাৰ কৰিছে৷