কাৰ্বি পাহাৰত দিন-দুপৰতে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ

খেৰণিঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত আজিও অব্যাহত আছে৷ দিনে-নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগা হয়৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্যৰ বন বিভাগে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷

ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই থকা পৰিলক্ষিত গৈছে৷ দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে। শুকুৰবাৰে দিন-দুপৰতে বনৰীয়া হাতীৰ উপদ্ৰৱ চলাই কাৰ্বি পাহাৰত।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাটত পাহাৰৰ পৰা ওলাই বনৰীয়াৰ হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে৷ খেৰণিৰ বগৰীঘাটত হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰাত কৃষকৰ মাজত হাহাকাৰ লাগে। বৃহস্পতিবাৰে নিশাৰ ভাগতে খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে কুঁহিয়াৰৰ খেতি তহিলং কৰাৰ লগতে ভাঙি-চিঙি নষ্ট কৰি তাণ্ডৱ চলাই বগৰীঘাটত এতিয়াও অব্যাহত।

বহু কুঁহিয়াৰ খেতি ইতিমধ্যে হাতীৰ জাকটোয়ে নষ্ট আৰু খায় তহিলং কৰাৰ উপৰিও আৰু অধিক কুঁহিয়াৰ নষ্ট কৰাৰ সম্ভবনাক লৈ শংকিত হৈ পৰিছে কৃষক ৰাইজে। গাঁঠিৰ ধন ভাঙি, টকা ধাৰত লৈ কুহিয়াৰ খেতি কৰা কৃষক চিন্তিত হৈ পৰিছে। বন বিভাগৰ লোক উপস্থিত হৈছে যদিও হাতীৰ হাতীৰ জাকটোক বনাঞ্চলত খেদি পঠিওৱাত বিফল হয়। বহুসময় ধৰি কৰা চেষ্টাৰ পাছতো খেদি পঠিয়াব নোৱাৰাত সন্ধিয়াৰ ভাগত হাতীৰ জাকটোক খেদাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে বন বিভাগে।