
মোৰাঝাৰঃ হোজাইৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অকচেক পথাৰ গাঁও পঞ্চায়ত কাৰ্য্যলয়ত আজি গান্ধী জয়ন্তী উপলক্ষে চৰকাৰী নিৰ্দেশনা অনুয়ায়ী অনুষ্ঠিত হয় গাওঁ সভা।
উল্লেখযোগ্য যে গাঁও সভাত আগন্তুক ২০১৬-১৭ আৰু ২০১৭-১৮ৰ আঁচনি ৰূপায়ণ সম্পৰ্কে আলোচনা কৰা হয়। সভাত পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাৰ বাবে ৰাইজ ঐক্যবদ্ধ হয় আৰু বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়।
পঞ্চায়তৰ সভানেত্ৰী হুচনা বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাত নতুনকৈ অহা সচিব মুজম্মিল আলী, সমাজসেৱী ফয়জুল হক চৌধুৰী, পুতুল দাস আৰু যুৱ সমাজ সেৱক ছাদিকুজ জামানকে ধৰি বহু লোক উপস্থিত হৈ বক্তব্য দাঙি ধৰে৷
জামানে ভাষণ প্ৰসংগত পঞ্চায়তৰ 13th finence আৰু 14th finenceৰ ধন আত্মসাৎ কৰাক লৈ সভাত সভানেত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। এই ধনৰাশি অতি শীঘ্ৰে ৰাইজৰ হিতৰ বাবে অনুমোদন লাভ কৰা আঁচনিৰ নামত ৰূপায়ন কৰাৰ বাবে ৰাজহুৱা বাবে সভানেত্ৰীৰ ওচৰত স্থানীয় ৰাইজে দাবী জনায়।
সভাত বিভিন্ন আঁচনিৰ ধন ৰুপায়ণত অনিয়ম সংঘটিত হোৱাক লৈ এক উওপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত যুৱ নেতা বদৰুল ইছলামৰ পৃষ্ঠপোষকতাত এই পৰিস্থিতিৰ শাম কাটে।