বিপদত বুদ্ধিজীৱী, ছয়টা গোচৰ ৰুজু, হাইদৰক সোধ-পোছ, থানাত হাজিৰ হ’ব লাগিব ড০ গোহাঁই, মনজিৎ, অপূৰ্ব

গুৱাহাটীঃ দিল্লীৰ বিতৰ্কিত NRCৰ সভাত অংশ গ্ৰহণ কৰি বিপদত পৰিল অসমৰ কেইবাগাৰকী বুদ্ধিজীৱী৷ সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, সাংবাদিক হাইদৰ হুছেইন, কোকৰাঝাৰৰ সাসংদ নৱ শৰনীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, আব্দুল মান্নানকে ধৰি কেইবাগাৰকী অসমৰ বুদ্ধিজীৱী উপস্থিত আছিল দিল্লীত অনুষ্ঠিত  NRC সম্পৰ্কত অনুষ্ঠিত সভাত৷

বিশেষ সভা খনত অংশ গ্ৰহণ কৰি জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৫০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কছিল৷ ইমানে নহয় অসমত ম্যানমাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি চিন্তা ব্যক্ত কৰিছিল৷ তাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছিল ধুমুহাৰ৷ অসমৰ কেইবাগৰাকী বুদ্ধিজীৱী উপস্থিত থকা সভাত আৰ্শ্বাদ মাদানীয়ে ভয়ংকৰ মন্তব্য দিয়া কাৰ্যক ৰাজ্যবাসীয়ে সহজে লোৱা নাছিল৷

ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাত বিশ্বজিৎ নাথে গোচৰ ৰুজু কৰাৰ লগতে সাম্প্ৰদায়িক আৰু উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি দেৰগাঁৱৰ সচেতন যুৱক ৰিপুল দাসৰ লগতে মহানগৰীৰ ফটাশীল থানাৰ লগতে মুঠ ছয়টা গোচৰ ৰুজু হয় ৰাজ্যৰ থানাত৷ মদানীৰ সাম্প্ৰদায়িতক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৰাজ্যবাসীয়ে৷ তাৰ মাজতে বৃহস্পতিবাৰে নিশা ফটাশীল আৰক্ষীয়ে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে৷ বহু সময় ধৰি সোধ-পোছ কৰাৰ অন্তত আৰক্ষীয়ে হাইদৰ হুছেইনৰ ঘৰৰ পৰা ওলাই আহে৷

আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তক আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, অপূৰ্ব বৰাকো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷৷ শুকুৰবাৰে মনজিৎ মহন্তই থানাত হাজিৰ হ’ব বুলি জানিব পৰা গৈছে যদিও ড০ হীৰেন গোহাঁই ৰাজ্যৰ বাহিৰত থকা বুলি জানিব পৰা গৈছে৷ ফটাশিল আমবাৰী থানাত হাজিৰ হ’ব লাগিব তেওলোক।

ফটাশিল আমবাৰী থানাৰ ৪১৩/১৭নং গোচৰ ৰুজু হয়। ১৩ নৱেম্বৰত দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৫০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ প্ৰায় ৫০ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷

পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰে৷ ৰাজ্য দল-সংগঠনে ক্ষোভিত হৈ পৰিছে এই মন্তব্যৰ বিৰুদ্ধে৷ NRCৰ খচৰা প্ৰকাশৰ আগমুহূৰ্তত একাংশ লোকে পৰিবেশ বিনষ্ট কৰিব বিছৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এনে মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্য খনত৷

সাম্প্ৰদায়িত মন্তব্যৰ জৰিয়তে শংকৰ-আজানৰ দেশত সংঘাট সৃষ্টি কৰিব খোজা বুলিও অভিযোগ উত্থাপন হৈছে৷ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত অনুষ্ঠিত বিশেষ সভাত অসমৰ কেইবাগৰাকী বুদ্ধীজীৱী-সাংবাদিকৰ উপস্থিতিত জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্ছাদ মাদানিয়ে উপস্থিত থাকি সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যক সহজে লব পৰা নাই ৰাজ্য খনৰ দল-সংগঠন তথা ৰাইজে৷

সভাত কৃষক নেতা সাংসদ ড০ সুনীলম, নিউ ছ’চিয়েলিষ্ট ইনিচিয়েটিভৰ নেতা ড০ নবীন চন্দৰ, চিপিআই(এএম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, সমাজকৰ্মী যোগেন্দ্ৰ যাদব, অধ্যাপক অপূৰ্বানন্দ সহিতে দেশৰ কেইবাগাৰকী আগশাৰীৰ সমাজকৰ্মী উপস্থিত আছিল৷ দিল্লী একচন সমিতি ফৰ অসমৰ উদোগত অনুষ্ঠিত সভাত NRCৰ উন্নীতকৰণক লৈ আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে৷ NRCৰ জটিলতা দূৰ কৰাৰ বাবে অনুষ্ঠিত সভাত NRCৰ উন্নীতকৰণক লৈ বেমেজালিৰ সৃষ্টি কৰিব বিছৰাৰ অভিযোগ উত্থাপন হয়৷