কৃষকে কান্দিছে, খাৰুপেটীয়াত গৰুক খুৱাইছে ৬ টকাৰ কবি, গুৱাহাটীত ৬০

খাৰুপেটীয়াঃ ২০১১ চনত নামনি অসমৰ দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য বিছাৰি ৰাজ পথলৈ ওলাই আহিছিল। কৃষকে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদিত ফচল পানীৰ দৰত বিক্ৰী কৰিব লগা হোৱাত হাহাকাৰ কৰা কৃষকসকলে ৰাজ পথলৈ ওলাই আহিছিল প্ৰতিবাদ কৰিবলৈ৷ ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ ফল স্বৰূপে আৰক্ষীয়ে গুলীচালনা কৰিছিল কৃষকৰ ওপৰত৷ আৰক্ষীৰ গুলীত নিহত হৈছিল চাৰিজনকৈ কৃষক৷

তেতিয়াই চৰকাৰে কৃষকৰ সমস্যা সমাধান কৰাৰ বহু প্ৰতিশ্ৰুতি দিছিল যদিও সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ উৎপাদিত সামগ্ৰীৰ উচিত মুল্য লাভ নকৰি হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল আজিও গৰু-ছাগলীক খুওৱাব লগা হয় দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে৷ ৰাজ পথৰ দাতিত বিক্ৰীৰ অভাৱত পেলাই দিব লগা হৈছে উৎপাদিত ফচল৷ কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে নষ্ট হৈ গৈছে ফচল সমূহ।

ৰাজ্যৰ ভিতৰতে পাচলি উৎপাদনত অন্যতম খাৰুপপেটীয়াত কৃষকে পানীৰ দৰত পাচলি বিক্ৰী কৰিব লগা হয়৷ খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়া কৃষকসকলে মুৰে কপালে হাত দিব লগা হৈছে৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে খেতিয়কসকল নিৰ্ভৰশীল আৰু তেনেক্ষেত্ৰত উৎপাদিত ফচলৰ বজাৰমুল্য নোহোৱা হলে কৃষকসকল ক্ষোভিত হৈ পৰে৷

কপালৰ ঘাম মাটিত পেলাই উৎপাদিত ফচল যেতিয়া কম দামত বিক্ৰী কৰিব লগা হয় তেতিয়া কৃষকৰ হাহাকাৰ অৱস্থাৰ কথা একমাত্ৰ কৃষকে হে উপলব্ধি কৰিব পাৰে৷ উৎপাদিত ফচলৰ উচিত মূল্য বিচাৰি যেতিয়া কৃষকসকল ৰাজ পথলৈ ওলাই আহিল তেতিয়াই আৰক্ষীয়ে কৃষকৰ বুকুলৈ লক্ষ্য কৰি চলালে গুলী, যি গুলীয়ে কৃষকৰ সপোন তচনচ কৰি চাৰিগৰাকী কৃষকক চিৰদিনৰ বাবে শুই পৰিবলৈ বাধ্য কৰিলে৷ এডোঙা তেজৰ মাজত চিৰদিনৰ বাবে শুই পৰা চাৰি কৃষকৰ মৃত্যুৰ পিছত চৰকাৰ আহিল চৰকাৰ গ’ল কিন্তু কৃষকে আজিও পাচলি পানীৰ দৰত বিক্ৰী কৰাৰ লগতে মধ্যভোগীৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে৷

একাংশ মধ্যভোগীয়ে খাৰুপেটীয়াৰ কৃষকৰ পৰা পানীৰ দৰত পাচলি ক্ৰয় কৰি গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন ঠাইত উচ্চ হাৰত বিক্ৰী কৰি মুনাফা লৈ আহিছে৷ শেহতীয়াকৈ দেখা গৈছে খাৰুপেটীয়াৰ বজাৰত উভৈনদী হৈ পৰা কবি এতিয়া প্ৰতি কেজিত ৬ টকাকৈ বিক্ৰী কৰি আহিছে কৃষকে৷ বজাৰত কৃষকে গাড়ীয়ে গাড়ীয়ে বান্ধা, ফুল, পাত কবি বিক্ৰীৰ বাবে আনে যদিও প্ৰতি কেজিত মাথো ৬ টকাত বিক্ৰী কৰিব লগা হৈছে৷ কিন্তু একেই কবি খাৰুপেটীয়াৰ পৰা ওলাই অহাৰ পিছত ৬০ টকাকৈ বিক্ৰী হৈ আহিছে ৰাজ্যৰ আন ঠাইত৷

দৰঙৰ খাৰুপেটীয়াৰ কৃষকে এইবাৰো উৎপাদিত ফচলৰ উচিত মূল্য নাপাই মূৰে কপালে হাত দিছে। মধ্যভোগী দালালৰ বাবেই উচিত মূল্য পৰা বঞ্চিত হৈ বিমূৰত পৰিছে কৃষকে। দৰঙৰ পূৱ মঙলদৈ এলেকাৰ কৃষকৰ উৎপাদিত পাচলি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চাহিদা পূৰণ কৰি আহিছে যদিও আজিকোপতি পাচলিৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কৃষকে।

মধ্য ভোগী দালালৰ শোষনৰ বাবেই কৃষক সকলে এনে দূৰ্ভোগ ভোগ কৰিব লগা হৈছে৷ কেৱল খাৰুপেটীয়াৰ বালুগাঁও বজাৰ বুলিয়েই নহয়, পূৱ মঙলদৈ এলেকাৰ প্ৰচুৰ পাচলি উৎপাদিত ঠাই বুলি চিহ্নিত লালপুল, বেছিমাৰী আৰু কৌপাটী আদি সপ্তাহিক বজাৰতো বালুগাঁৱৰ দৰে বিশেষকৈ ফুল কবি পানীৰ দৰত বিক্ৰী কৰিবলগা কৃষকসকলে। ফুল কবিৰ উপৰিও বন্ধা কবি, মূলা, গাজৰ, ভোল, পানী লাউ আদিৰ উচিত মুল্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷

কৃষকৰ পৰা অতি কম দামত মধ্যভোগীয়ে পাচলি ক্ৰয় কৰি অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়, অৰুণাচল, মিজুৰাম আদি ঠাইত কেইবাগুণ বেছি দামত বিক্ৰী কৰি লাভৱান হোৱাৰ বিপৰীতে বছৰটোত কোৱল এটা ফচলৰ জৰিয়তে উপাৰ্জন কৰি ঘৰ চলোৱা কৃষকসকল জৰুলা হৈ পৰিছে। কৃষক সকল উচিত মূল্য পোৱাৰ বাবে বিগত চৰকাৰে বিভিন্ন ঠাইৰ লগতে খাৰুপেটীয়াতো "আমাৰ দোকান" নামৰ প্ৰতিষ্ঠান স্থাপন কৰিছিল সেইটো এতিয়া ফুটুকাৰ ফেনত পৰিণত হল।