
কামপুৰঃ ৰাজ্যৰ কেইবাখনো জিলাৰ হেজাৰ হেজাৰ লোকে গৰাখহনীয়াৰ ফলত আজিও হাহাকাৰ কৰিব লগা হয়৷ ৰাজ্যৰ শ-শ লোকে গৰাখহনীয়াৰ কৱলত পৰি ঘৰ-বাৰি নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিব লগা হয়৷ প্ৰতি বছৰে বানৰ পিছতেই খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে ৰাজ্য খনত৷ বহু লোকে আশ্ৰয় শিবিৰতে থিতাপি লব লগা হয়৷
গৰাখহনীয়াৰ কবলত পৰি ককবকাল লগা হয় ৰাজ্য খনৰ হাজাৰ হাজাৰ লোক৷ গৰাখহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ বুকুত জাহ যায় ঘৰ-বাৰী, কৃষিভূমি, স্কুল-কলেজ আদি৷ গৰাখহনীয়াৰ পৰা সাৰি যোৱা নাযায় নৈপৰীয়া৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ৷ নগাঁৱৰ ৰহা সমষ্টিৰ অন্তৰ্গত জুৰিপাৰ আৰু কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথ খহনীয়াৰ কৱলত পৰাত ৰাইজ চিন্তিত হৈ পৰিছে৷
বানৰ পিছৰে পৰা খহনীয়া অব্যাহত আছে যদিও শেহতীয়াকৈ নিশাৰ ভিতৰতে বৰপানী নৈত জাহ যোৱাৰ উপক্ৰম হয় গড়কাপ্তানী পথটো৷ ইতিমধ্যে পথটোৰ ৩০ শতাংশ নৈত জাহ গৈছে৷ পথটোত বৃহৎ ফাট মেলাত আতংকত দিন পাৰ কৰিছে ৰাইজে৷ অঞ্চলটোৰ ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়াতৰ এতমাত্ৰ সম্বল ৰহা সমষ্টিৰ মাধৱপাৰা জুৰিপাৰ, কাৰ্বিআংলং সংযোগী গড়কাপ্তানী পথ যিকোনো মুহূৰ্তত বৰপানী নৈত জাহ যাব পাৰে৷
পথটো বৰপানী নৈত জাহ গলে ঐতিহ্যমণ্ডিত মাধৱপাৰা থানৰ লগতে ২০ খনৰো অধিক গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ আতংকত দিন পাৰ কৰিছে যদিও তেওলোকৰ বিননি শুনিবলৈ কোনো নাই৷ বৰপানী নৈত ব্যাপক হাৰত গঢ়ি উঠা বালি মহলৰ বালি খনন আৰু দৈনিক শ-শ ট্ৰাক চলাচল কৰাৰ ফলতেই পথটো খহনীয়াৰ কৱলত পৰিছে বুলি স্থানীয় লোক অভিযোগ উত্থাপন কৰে৷ ইফালে বালি মহলসমূহ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় লোকে বন বিভাগক বহুবাৰদাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷