
অভয়াপুৰীঃ শিক্ষাৰ সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ শেহতীয়াকৈ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিব৷ কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লৈখ টকা খৰছ কৰাৰ সময়তে ভূমি বিবাদৰ পৰিনতিত ৰাজপথত ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰিবলগীয়া হোৱাৰ খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বঙাইগাঁৱৰ অভয়াপুৰীত৷
গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷
সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিদ্যালয় এখনৰ ভূমি বিবাদক কেন্দ্র কৰি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত পাঠদান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ পিৰাধৰা ১মখণ্ডৰ খালপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰৱেশ পথত কোনো অচিনাকি দুৰ্বৃত্তই বাহৰ বেৰ দিয়াৰ লগতে বিদ্যালয়খনৰ ৰান্ধনীঘৰটো সম্পূৰ্ণৰূপে ভাঙি থৈ যোৱাত ছাত্ৰ-ছাত্ৰীসকলে উপায়ন্তৰ হৈ ৰাজপথতে পাঠদান কৰিবলগীয়া হয়৷
২০০৪ চনতে প্ৰাদেশীকৰণ হোৱা বিদ্যালয় খনৰ পূৰ্বৰ সহকাৰী শিক্ষা মিত্ৰ আবু ছায়েদ আহমেদে দুবাৰকৈ টেট পৰীক্ষা দি উত্তীৰ্ণ হব নোৱাৰাত বিদ্যালয় খনৰ পৰা বিতাড়িত হ’বলগীয়া হয়৷ তেওঁ আজি এই ঘটনাৰ পোতক তুলি এনে কাণ্ড সংঘটিত কৰা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে। সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে ২০০৯ চনত ৯লাখ টকা চৰকাৰে অনুমোদন দিছিল যদিও বিদ্যালয়খনৰ মাটি খিনি প্ৰাক্তন শিক্ষা মিত্ৰ আবু ছায়েদ আহমেদে নিজৰ বুলি দাবী কৰাত আজি পৰ্যন্ত বিদ্যালয় গৃহ নিৰ্মাণ হৈ নুঠিল।
ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই সৃজনগ্ৰাম শিক্ষা খণ্ডৰ বিষয়াক অৱগত কৰাত পৰিস্থিতিৰ বুজ লবলৈ মণ্ডল কেন্দ্র সমন্বয়ক মজাম আলি আহমেদ ঘটনাস্থলীত উপস্থিত হয়। ইপিনে ৪জন শিক্ষক-শিক্ষয়ত্ৰী আৰু ৮২গৰাকী ছাত্ৰ ছাত্ৰীৰে থকা বিদ্যালয়খনৰ ভূমি খিনি বিদ্যালয়ৰ নামত আছে নে শিক্ষক আবু ছায়েদ আহমেদৰ ব্যক্তিগত সম্পত্তি এই কথা নিশ্চিত কৰিবলৈ বিদ্যালয় খনৰ প্ৰধান শিক্ষক বাবুল আখতাৰে আহ্বান জনায় প্ৰশাসনক৷ ৰাজ্যৰ বহু বিদ্যালয়ে এনে সমস্যাৰে ভাৰাক্ৰান্ত৷ শিক্ষা বিভাগক এনে সমস্যা বোৰক সমাধান কৰাৰ আহ্বান জনাই৷