
গোৰেশ্বৰঃ প্ৰধান শিক্ষকক পিটিলে বিদ্যালয়ৰ সমীপৰ পৰিয়ালে৷ বাক্সা জিলাৰ গোৰেশ্বৰ টাউনৰ সমীপৰ গোৰেশ্বৰ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পবিত্ৰ চৌধুৰীক যোৱা ৯ অক্টোবৰত এটি পৰিয়ালৰ লোকে মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গুণোৎসৱ উপলক্ষে বিদ্যালয় চৌহদৰ বেৰ দিয়াক লৈ সৃষ্টি হোৱা মতানৈক্যৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৯ অক্টোবৰত বিদ্যালয় চৌহদৰ বেৰ দি থকা সময়ত চৌহদৰ সমীপত বসবাস কৰা স্বামী-স্ত্ৰীয়ে বেৰ নিৰ্মাণ কৰি বনুৱাক প্ৰথমে খেদি পঠিয়াই।
ইয়াৰ পিছতে প্ৰধান শিক্ষক পবিত্ৰ চৌধুৰীয়ে বিদ্যালয় চৌহদ আহি পোৱা মাত্ৰকে দুয়ো স্বামী-স্ত্ৰীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে। এই আক্ৰমণত প্ৰধান শিক্ষক গৰাকী আহত হয়। পৰিয়ালটোৰ আহ-যাহৰ পথক লৈ চলি থকা মতানৈক্যৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে প্ৰধান শিক্ষকগৰাকীয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজিহে সোধপোচৰ বাবে অভিযুক্ত পবিত্ৰ বড়োক গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিছে। এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনত ৪৪৮, ৩৩৪, ৩২৩, ৫০৬, ৩৭৯, ৪২৭ ত ১১০/১৭ নম্বৰ গোচৰ ৰুজু কৰা হৈছে। প্ৰধান শিক্ষকক আক্ৰমণৰ এই ঘটনাক সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কৃষ্ণদাস স্বৰ্গীয়াৰীয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে।