কাকপথাৰত বন বিভাগৰ অভিযান, দুই ট্ৰাক কাঠ জব্দ

কাকপথাৰঃ উজনিৰ তিনিচুকীয়া জিলাত বছৰ বছৰ ধৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি থকা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে জিলা খনৰ কাকপথাৰত বন বিভাগৰ অভিযানত জালত পৰিল কাঠ ভৰ্তি ট্ৰাক৷ কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ে অভিযান চলাই ট্ৰাক দুখন জব্দ কৰা বুলি জানিব পৰা গৈছে৷

শনিবাৰে নিশা দুখন চোৰাং কাঠ কঠিওৱা ট্ৰাক দুখন কাক পথাৰ অভিমুখে আহি থকাৰ খবৰ লাভ কৰি অভিযান চলাই বন বিভাগে জালত পেলাই কেইবা লাখ টকাৰ চোৰাং কাঠ সহ ট্ৰাত দুখন৷ AS-06-AC-0252 আৰু AS-01-CC-4675 নম্বৰৰ ট্ৰাক দুখনে কাঠ খিনি অৰুণাচলৰ পৰা অনা বুলি জানিব পৰা গৈছে৷ কাঠ খিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব৷ ৰাইজে এনেদেৰ নিতৌ অবাধে চোৰাং ব্যৱসায় চলি থকা বুলি অভিোগ উত্থাপন কৰে৷