
খেৰণিঃ দুৰ্নীতি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰাৰ চৰকাৰৰ দিনত আজিও ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি যোগান বিভাগলৈ সকলোতে আজিও দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তেনে সময়তে কাৰ্বি আংলং জিলাৰ খেৰণিত ঘেঁহুসহ ১৪ খন ট্ৰাক জব্দ এৰি আৰক্ষীয়ে এৰি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কাৰ্বি ছাত্ৰ সন্থাই তৰা ২০৭/১৭ নং গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে জব্দ কৰা ট্ৰাককেইখন জব্দ কৰাৰ কেইঘণ্টামানৰ পিছতেই আৰক্ষীয়ে ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে৷ ট্ৰাক কেইখনে কাৰ্বি আংলং জিলাৰ ডিফুস্থিত আৰু নগাঁও জিলাৰ এফ চি আই-ৰ গুদামৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিৰ বিচিক্ৰি নামৰ আটা মিললৈ ঘেঁহু কঢ়িয়াই আনিছিল বুলি জানিব পৰা যায়। কাৰ্বি ছাত্ৰ সন্থাই চৰকাৰে যোগান ধৰা ঘেঁহুসমূহ কলা বজাৰত বিক্ৰী কৰিব নিয়াৰ সন্দেহ কৰে। ফলত কাৰ্বি ছাত্র সন্থাৰ নেতা চিমেয়ন ৰংফাৰে ডিফু আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ডিফু আৰক্ষীয়ে খেৰণিত অভিযান চলাই মিলটোৰ চৌহদৰ পৰা কেইবাখনো ট্ৰাক জব্দ কৰে৷ ঘেঁহু সন্দৰ্ভত সকলো নথিপত্ৰ পৰীক্ষা নিৰীক্ষা কৰি হে লগতে ট্ৰাক কেইখন জব্দ কৰে। বিষয়টোৰ সন্দৰ্ভত মিল পৰিচালকে এই মিলটোলৈ প্ৰতিমাহে এইদৰে এফ চি আই-ৰ অধিনৰ ঘেঁহু অনা হয় আৰু এই মিলত আটা তৈয়াৰ কৰি ৰাজহুৱা বিতৰণৰ বাবে আটা সমূহ বহুমুখী সমবায় সমিতিসমূহক যোগান ধৰা হয় বুলি কয়।
এনেদৰে দীৰ্ঘদিন ধৰি চলি থকা পদ্ধতিটোৰ সমগ্ৰ নথিপত্ৰ, চালান আদি পৰিচালকৰ হাতত মজুত থকাৰ কথাও উল্লেখ কৰে পৰিচালকে। ঘেঁহু ভৰ্তি ট্ৰাক সমূহ মিলটোত আৰক্ষীয়ে জব্দ কৰাৰ পাছত ট্ৰাককেইখন ডিফুলৈ নিয়ে আৰক্ষীয়ে। কিন্তু মাত্ৰ ১০ কিঃ মিঃ পথ অতিক্রম কৰাৰ পাছতেই আৰক্ষীয়ে হস্যজনকভাৱে মুকলি কৰি দিয়ে ট্ৰাক কেইখন।
প্ৰতিমাহে জিলাখনলৈ এফ চি আইৰ ১৭০০ কুইণ্টল ঘেঁহু আহে আৰু নগাঁৱৰ সঞ্জয় আগৰৱালা নামৰ ব্যৱসায়ীৰ বিৰুদ্ধে ঘেঁহুৰ অবৈধ ব্যৱসায় চলোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন কৰি আহিছে কাৰ্বি ছাত্ৰ সন্থাই৷ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত কাৰ্বি ছাত্ৰ সন্থাই গোচৰ তৰে৷ আৰক্ষীৰ ব্যাপক তৎপৰতাৰে ট্ৰাক জব্দৰ পাছ মুহূৰ্ততে পুনৰ ট্ৰাক মুকলি কৰি দিয়া বিষয়ে এক ৰহস্যৰ সৃষ্টি কৰে। এতিয়া প্ৰশ্ন হল, কি কাৰণত জব্দ কৰা ট্ৰাককেইখন মুকলি কৰি দিলে আৰক্ষীয়ে?