অৰুণাচলৰ পৰা অসমলৈ আহিছে ট্ৰাকেৰে সুৰা, ডিলাইত এক ট্ৰাক সুৰা জব্দ

বোকাজানঃ কাৰ্ব পাহাৰতত কাৰ্টনে কাৰ্টনে বিদেশী সুৰা জব্দ কৰে আবকাৰী বিভাগে। ৰাজ্য চৰকাৰে নৱবৰ্ষৰ প্ৰথমটো দিন তথা পহিলা জানুৱাৰীৰ দিনটো সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে চৰকাৰে।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ১ জানুৱাৰীত সুৰা নিষিদ্ধ দিন ঘোষণা কৰি জিলাখনৰ সকলো আবকাৰী পণ্যগাৰ দেশীয় সুৰাৰ মহল, বিপনী, ভাৰতত তৈয়াৰী বিদেশী সুৰাৰ দোকান আদিলৈ সুৰাৰ পাইকাৰী নতুবা খুচুৰা বিক্ৰী বন্ধ ৰাখিবৰ বাবে জাননী জাৰি কৰাৰ সময়তে জব্দ হ’ল বিদেশী সুৰা।

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাইত আবকাৰী বিভাগে শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত অভিযান চলাই এখন অৰুণাচলৰ সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ আবকাৰী বিভাগে এক বিশেষ সূত্ৰৰ পম খেদি বোকাজান মহকুমাৰ সৰিয়হজানৰ পৰা ট্ৰাকখন অনুসৰণ কৰি আহিছিল৷

অবশেষত আবকাৰী বিভাগে ডিলাইৰ পৰা ডিমাপুৰ অভিমুখে যোৱা পথত ট্ৰাকখন ৰখাই থোৱা প্ৰত্যক্ষ কৰে আৰু ডিলাই আৰক্ষীৰ সহযোগত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে যদিও ইতিমধ্যে ট্ৰাকখনৰ চালক, হেণ্ডিমেন পলাই যায় বুলি সহকাৰী আবকাৰী বিষয়া ন'ৰে ইংতিয়ে জানিবলৈ দিয়ে৷ অৰুণাচলৰ বান্দৰদোৱাৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা আৰজে-০৭-জি বি-২৭৫১ নম্বৰৰ ট্ৰাকখনত আবকাৰী বিভাগে প্ৰায় ১৮ লাখ টকাৰ ১৪০০ মদৰ কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয়৷