হোজাইত জঘন্য কাণ্ড, ঈদৰ নতুন কাপোৰ বিচৰাৰ বাবেই পত্নীক দা’ৰে ঘপিয়ালে পাষাণ স্বামীয়ে

newsnextone.com | মোৰাঝাৰঃ ঈদৰ আনন্দৰ মাজতে হোজাইত সংঘটিত হল এক জঘন্য ঘটনা। ঈদৰ কাপোৰ বিচৰাৰ বাবেই পাষাণ স্বামীয়ে পত্নীক দা’ৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে। অকল ইমানেই নহয় পাষাণ স্বামীয়ে পত্নীক কেৰাচিন ঢালি জুই লগাই দিবলৈ বিচাৰে যদিও ৰাইজৰ প্ৰচেষ্টাত কোনোমতে ৰক্ষা পৰে মহিলাগৰাকী।

ঘটনাৰ বিৱৰণী মতে, হোজাই থানাৰ অন্তৰ্গত ইছলাম নগৰৰ মৃত আব্দুল খালিকৰ পুত্ৰ আব্দুল নুৰ নামৰ লম্পট লোকজনে প্ৰথমা পত্নী থকাৰ পিছতো আন এগৰাকী মহিলাক বিবাহ কৰি আনে। দ্বিতীয় বিবাহ কৰাৰ পাছৰে পৰা পাষণ্ড আব্দুল নুৰে প্ৰথমা পত্নী ৰাহেনা বেগমৰ উপৰত নিৰ্যাতন চলাব ধৰে।

প্ৰথমা পত্নীক স্বামীয়ে বেমাৰ আজাৰৰ চিকিৎসা কৰোৱা দূৰৰ কথা ভৰণ-পোষণ নিদিয়াকৈ দৈনিক নিৰ্যাতন চলাই থকাত মহিলাগৰাকী মানসিকভাৱে ভাগি পৰে যদিও স্বামীগৃহতে কোনোমতে থাকি জীৱন অতিবাহিত কৰে। এইবাৰ ঈদত প্ৰথমা পত্নীয়ে স্বামীৰ পৰা এযোৰ কাপোৰ বিচৰাত স্বামী অগ্নিশৰ্মা হৈ পৰে আৰু পত্নী ৰাহেনা বেগমক উপৰ্যুপৰি প্ৰহাৰ কৰে।

আব্দুল নুৰে দ্বিতীয় পত্নীৰ কথা মতে প্ৰথমা পত্নীৰ গাত কেৰাচিন ঢালি জুই লগাই দিব ধৰে যদিও পত্নীয়ে চিঞৰ বাখৰ কৰাত স্বামীয়ে দাৰে শৰীৰৰ কেবা ঠাইত ঘপিয়াই পত্নীক গুৰুতৰ ভাৱে আহত কৰি পলায়ন কৰে। 

স্থানীয় ৰাইজে ৰাহেনা বেগমক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰাহেনা বেগমৰ পিতৃগৃহত খবৰ দিয়াত পিতৃগৃহৰ লোকে ৰাহেনাক নীলবাগান চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

ঘটনা সংক্ৰান্তত মহিলাগৰাকীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পাষাণ স্বামী আব্দুল নুৰ বৰ্তমানলৈকে পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। অতি শীঘ্ৰে পত্নীক হত্যাৰ চেষ্টা চলোৱা পাষাণ স্বামীক আটক কৰি কঠোৰ শাস্তি বিহিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।