মাৰ্ঘেৰিটাত জাতীয়তাবাদী যুৱ পৰিষদৰ বহাগ উৎসৱ পালন

তিনিচুকীয়াঃ জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত শুকুৰবাৰে বহাগ আদৰণি সংহতি সংকল্প আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ 

দিনৰ ১১.৩০ বজাত আৰম্ভ হোৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে লক্ষী বৰাই৷ শ্বহীদ তৰ্পন কৰে পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সাধাৰন সম্পাদক বিনোদ দাসে ৷ বৃক্ষৰোপণ কৰে মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি খগেন মল্লিকে৷ 

ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট কবি সাহিত্যিক অমৃত ৰাজখোৱাই৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওঁগে আঁতধৰা সভাত সমাজ যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, সমাজ সেৱক ৰঞ্জিত দত্ত, বিশিষ্ট লেখিকা দিব্যলতা দত্তক, সাংবাদিক সমাজসেৱক জগত চাংমাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট সমাজ সেৱক শিল্পী, সাংবাদিক উপস্থিত থাকে৷ 

সভাতেই সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনাই৷ ডিগবৈৰ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক হীৰা ফুকনে সমাজ আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে সম্বৰ্ধনা জনায়৷  গীত মাত বিহু নৃত্য অনুষ্ঠান জীপাল কৰি তোলে স্থানীয় শিল্পী আৰু কলা কুশলীয়ে৷