কৰ্ম সংস্থাপনৰ অভাৱ, খেতি কৰি স্বাৱলম্বী হোৱাৰ আহ্বান তুলিৰামৰ

খেৰণিঃ কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত শুকুৰবাৰে কৃষকৰ মাজত ৰবিশস্যৰ বীজ আৰু কৃষি সঁজুলিৰ বিতৰণ কৰে কাৰ্বি আংলং স্বয়ত্ত পৰিষদে৷ কৃষি বিভাগৰ উদ্যোগত  ছয় শতাধিক দৰিদ্ৰ কৃষকক বিনামূলীয়াকৈ উন্নতমানৰ আলু, মটৰ, দাইল, সৰিয়হ আদিৰ বীজ প্ৰদান কৰা হয়৷ দা-কোৰ, কাঁচি, সা-সঁজুলি, পাৱাৰ-টিলাৰ, পাম্প আদি কৃষক ৰাইজৰ মাজত বিতৰণ কৰে কৃষি বিভাগে৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী আমৰছিং তিচ্ছৰ সভাপতিত্ব  অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদীয় সদস্য ৰামছিং তিমুং, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিভাগীয় বিষয়া চি-ইম টাৰ', জিলা কৃষি বিষয়া মহেশ্বৰ ৰাজবংশী উপস্থিত থাকে। সভাত তুলিৰাম ৰংহাঙে কৃষক ৰাইজক উদ্দেশ্যে দিয়া ভাষণত কাৰ্বি আংলঙত যথেষ্ট পৰিমাণে কৃষকৰ উপযোগী কৃষি ভূমি আছে বুলি কৈ কৃষিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি কাৰ্বি আংলঙৰ কৃষকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

কৃষকক উন্নত আৰু অধিক উৎপাদনক্ষম বীজ, কৃষি সম্পাদনৰ সা-সঁজুলি, যন্ত্ৰপাতি যোগান ধৰিটো কাৰ্বি আংলং কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ আৰু অন্যতম দায়িত্ব বুলি কয়। প্রতিটো বছৰে ঋতুনুযায়ী কাৰ্বি আংলং কৃষি বিভাগে কৃষকৰ বাবে এই দায়িত্ব পালন কৰি আহিছে বুলি কৈ ফলস্বৰূপে পাহাৰীয়া জিলাখনে বিশেষকৈ ধান, সৰিয়হ, তামোল, কুঁহিয়াৰ আদিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি কয়৷

ৰংহাঙে অনাগত দিনত বৈজ্ঞানিক পদ্ধতিৰে কম সময়, কম কষ্ট আৰু মিতব্যয়িতাৰে কৃষি কাৰ্য সম্পাদন কৰিবলৈ ট্রেক্টৰ, পাৱাৰ-টিলাৰ, জলসিঞ্চন পাম্প আদি কঠীয়া ৰোপন কৰা মেচিন, ধান কটা মেচিন, মৰণা মৰা মেচিন ৰেহাই মূল্যত যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। দেশত সংস্থাপনৰ অভাৱত নিবনুৱা সমস্যাৰ সৃষ্টি হবলৈ ধৰা বুলি কৈ প্ৰত্যেকগৰাকী ব্যক্তিয়েই কৃষি উৎপাদনৰে স্বাৱলম্বী আৰু কৃষিমুখী হোৱাৰ প্ৰয়োজন বুলি কয় ৰংহাঙে৷