
newsnextone.com | ডিফুঃ ডকমকা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে ডকমকা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সকলোকে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়৷
সেউজীয়া কাৰ্বি পাহাৰৰ বুকুত দুই শিল্পী অভিজিৎ-নিলোৎপলৰ বেদনা দায়ক পৰিসমাপ্তিৰ পিছত প্ৰথমবাৰৰ বাবে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বায়ত্ত পৰিষদৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে প্ৰয়াত শিল্পীদ্বয়ৰ আত্মাৰ সদ্গতি কামনা কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
কাৰ্বি পাহাৰৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ আহি এদল পাষণ্ডৰ হাতত অকালতে প্ৰাণ হেৰুওৱা কাৰ্যক ভাষাৰে বুজাব নোৱাৰা অতিশয় নিন্দনীয় কাৰ্য বুলি আক্ষেপ ভৰা মন্তব্য আগবঢ়ায় তুলিৰামে৷ অপৰাধী সদায় অপৰাধীয়েই তাৰ কোনো জাতি ধৰ্ম নাই৷ সেয়ে অভিজিৎ-নিলোৎপলৰ হত্যাকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি ফাঁচী প্ৰদান কৰি ভৱিষ্যতলৈ যাতে কোনেও তেনে কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে বাৰ্তা প্ৰেৰণ কৰিব লাগে বুলিও কয় তুলিয়ে৷
কাৰ্বি আংলং অসমৰেই অবিচ্ছন্ন অংগ৷ কাৰ্বি আংলং অসমৰ লগতে থাকিব তাত কোনো দ্বিমত নাই ৷ কিন্তু এচাম দুষ্কৃতিকাৰীয়ে সমাজত সোপাধৰাৰ উৰা বাতৰি বিয়পাই দিয়াৰ ফলত দুটি শিল্পী সত্তা পাহাৰীয়া জিলাখনত আহি প্ৰাণ হেৰুৱাব লগীয়া হ'ল৷ শিল্পীদ্বয়ৰ পৰিয়াল বৰ্গলৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে শিল্পীদ্বয়ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ কাণ্ঠিলাংচৰ জলপ্ৰপাতটোৰ ওচৰত দুয়োৰে আৱক্ষ মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
জিলাখনৰ পৰা অপৰাধমূলক ঘটনা যাতে চিৰদিনৰ বাবে বিদায় লয় তাৰবাবে জিলাখনৰ আইন-শৃংখলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি কয় তুলেয়ে৷ ঘটনা সংঘটিত হোৱাৰ দিনটোত মুখ্য কাৰ্যবাহী সদস্যগৰাকী বাহিৰত থকা বুলি উত্থাপিত অভিযোগক খণ্ডন কৰি কয় যে ঘটনা সন্দৰ্ভত তেও জনা নাছিল আৰু তেওঁ বাহিৰত থাকিলেও জ্যেষ্ঠ ইএম প্ৰদীপ ৰংপিৰ ওচৰত দায়িত্বভাৰ দি গৈছিল আৰু ঘটনা সন্দৰ্ভত জিলাখনৰ আইন-শৃংখলা আৰু মুখ্যমন্ত্ৰীৰ লগত ২৪ ঘণ্টাই অহৰহ যোগাযোগ ৰক্ষা কৰিছিল বুলি কয়৷
অসমৰ বিভিন্ন ঠাইত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হৈছে আৰু সেইবোৰ ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ কোনো কাৰণ নাই বুলি কয়৷ আনহাতে নগাঁৱৰ কাৰ্বি ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়া কাৰ্যত যুৱ কংগ্ৰেছী জড়িত থকা কাৰ্যৰ কথা কোৱাৰ লগতে পাণজুৰি কাণ্ডৰ পূৰ্বে সোপাধৰাৰ গাড়ী গৈছে বুলি গাঁৱলৈ খবৰ প্ৰেৰণ কৰা জনো যুৱ কংগ্ৰেছৰ সদস্য বুলি জানিবলৈ দিয়ে৷ আনহাতে সকলো শ্ৰেণীৰ ৰাইজক শান্তি-শৃংখলা বজাই ৰাখিবলৈ মুখ্য-কাৰ্যবাহী সদস্যগৰাকীয়ে আহ্বান জনায়৷