টিভি চেনেল সাৱধান! দুৰ্বৃত্তই এৰি দিব বিষাক্ত সাপ

ডিজিটেল ডেস্কঃ ভাবুকি প্ৰদান কৰা এটি ফোনকল। 'ঘৰত বিষাক্ত সাপ এৰি দিম। সকলোৱে মৰিবি।’ তাৰপিছতে ঘৰত উদ্ধাৰ হ’ল বিষধৰ সৰ্প। নিৰ্ভীক বাতৰি সম্প্ৰচাৰৰ বাবে এটি টিভি চেনেলৰ পৰিচালন সঞ্চালকক এইদৰে শীতল মস্তিষ্কৰে হত্যা কৰাৰ চক্ৰান্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজধানী আহমেদাবাদত। 

উক্ত টিভি চেনেলটোৱে কিছুদিন পূৰ্বে কুশল ট্ৰেডলিংক লিমিটেড নামৰ এটি সংস্থাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছিল। কুশল ট্ৰেডলিংক লিমিটেডৰ কৰ্ণধাৰ হৈছে সন্দীপ আগৰৱালা নামৰ এজন লোক।

বাতৰিটো সম্প্ৰচাৰৰ পিছতে টিভি চেনেলটোৰ কাৰ্যালয়লৈ এটি ভাবুকি প্ৰদান কৰা ফোন কল আহে। ফোনত অপৰিচিত লোক এজনে ধমকি দি কয় যে যদিহে বাতৰিটোৰ সম্প্ৰচাৰ বন্ধ নকৰে তেন্তে চেনেলৰ পৰিচালন সঞ্চালকৰ ঘৰ আৰু গাড়ীত বিষধৰ ফেঁটী সাপ এৰি দিয়া হ’ব।

এই ভাবুকি প্ৰদান কৰা ফোনকলটোৰ কিছু সময় পিছতে পৰিচালন সঞ্চালকৰ ঘৰত বিষাক্ত প্ৰজাতিৰ সাপ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত কোৱা হৈছে যে কুশল ট্ৰেডলিংক লিমিটেডৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এই ফোনকলটো আহিছিল।

বাতৰিটোত কুশল ট্ৰেডলিংক নামৰ প্ৰতিষ্ঠানটোৱে শ্বেয়াৰৰ দাম খেলিমেলি কৰি বিনিয়োগকাৰীসকলক প্ৰতাৰণা কৰাৰ বিষয়ে সম্প্ৰচাৰ কৰা হৈছিল। লগে লগে টিভি চেনেলটোলৈ কেইবাটাও ফোন কল আহিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বৰ্তমান ফোনকলৰ ৰেকৰ্ডিং সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে।