নিৰীহ মানুহক হত্যা, শ্বাহীদক উত্তৰ দিলে গৌতম গম্ভীৰে

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত ১৩ জনকৈ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰে সংঘৰ্ষত নিহত হোৱাৰ পিছতেই টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰেদিয়ে। 

আফ্ৰিডিয়ে টুইট কৰি কৈছিল ‘‘ভাৰত অধিকৃত কাশ্মীৰৰ অৱস্থা খুব ভাল নহয়৷ স্বাধীনতা বিচৰা নিৰীহ মানুহক হত্যা কৰা গৈছে৷ আচৰিত লাগে ৰাষ্ট্ৰ সংঘই ৰক্ত প্ৰৱাহ ৰোধ কৰাত কোনো পদক্ষেপ লোৱা নাই৷’’

তাৰ পিছতেই ভাৰতৰ ক্ৰিকেটাৰ গৌতম গম্ভীৰে টুইট কৰি আফ্ৰিডিক প্ৰত্যুত্তৰ দিয়ে৷ পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডিক উত্তৰ দি কয় ‘‘শ্বাহীদ আফ্ৰিডিয়ে আকৌ ন’ বল দিবলৈ আৰম্ভ কৰিছে৷ আফ্ৰিডি ৰাষ্ট্ৰসংঘক সোধক অভিধানত ১৯ অনুৰ্ধৰ আছে নে নাই৷’’