
ওদালগুৰিঃ অৱশেষত জালত পৰিল ষ্ট’নমেন৷ মহিলাক আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ষ্টোনমেনক অৱশেষত আৰক্ষীৰ জালত পৰিল৷ ওদালগুৰিত যুৱতী মহিলাৰ গাত শিল দলিয়াই সন্ত্ৰাসৰ সৃষ্টিকাৰী ষ্ট’নমেনক জালত পেলালে। ওদালগুৰি চহৰত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে মহিলা-যুৱতীৰ ওপৰত শিলেৰে আক্ৰমণৰ ঘটনা। এনে সন্ত্ৰাস সৃষ্টি কৰাৰ ঘটনাত জড়িত থকাৰ সন্দেহত ওদালগুৰি আৰক্ষীয়ে চহৰখনৰ ভিন্ন প্ৰান্তৰ পৰা দুজন যুৱকক আটক কৰে।
যুৱক দুজনৰ নাম ক্ৰমে আকুল দৈমাৰী(২৫) আৰু কৰুণ বড়ো(২৪) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকদ্বয়ৰ পৰা এখন কে টি এম মটৰ চাইকেল জব্দ কৰে। বিগত দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাখনৰ পৰা ওদালগুৰিৰ বিভিন্ন প্ৰান্তত সন্ধিয়া হোৱাৰ লগে লগে মহিলা যুৱতীসকলক শিলেৰে আক্ৰমণ কৰি আহত কৰিছিল।
ইয়াৰ ভিতৰত ২৭ নৱেম্বৰে মিচন ৰোডত এগৰাকী যুৱতী আহত হোৱাৰ পাছত ৩ নৱেম্বৰত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এগৰাকী স্কুলীয়া ছাত্ৰীক আক্ৰমণ কৰি আহত কৰাৰ ফলত যুৱতীগৰাকী চিকিৎসাধীন হ’ব লগা হৈছিল। ইয়াৰ পাছত কালি সন্ধিয়া ওদালগুৰি চিক্ৰেটহাৰ্ট ইংলিচ স্কুলৰ সন্মুখতো এগৰাকী ছাত্ৰী আহত হৈছিল ষ্ট’নমেন ৰূপী উদণ্ড যুৱকৰ শিলাক্ৰমণত। ইয়াৰ পাছত আজি ওদালগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আটক কৰে উদণ্ড যুৱক দুজনক।