গুৱাহাটীৰ পৰা ঘৰ পোৱাৰ পিছতেই দুই ছাত্ৰীক চাৰি পুৰুষৰ বৰ্বৰ আক্ৰমণ

মোৰাঝাৰঃ গুৱাহাটীৰ দুখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়ণৰত দুগৰাকী ছাত্ৰীক চুবুৰীয়াই বৰ্বৰ আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে হোজাই জিলাৰ ডবকাত৷ ডবকাৰ দুগৰাকী কলেজীয়া ছাত্ৰীক বৰ্বৰ নিৰ্যাতন চলোৱাৰ ঘটনাই উত্তেজনাই সৃষ্টি কৰিছে হোজাইত৷ দুগৰাকী কলেজীয়া ছাত্ৰীক দলৱদ্ধ আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে উত্তেজনাই বিৰাজ কৰে৷

এই ঘটনা সংঘটিত হৈছিল যোৱা ৮ জানুৱাৰীত৷ বহু পলমকৈ পোহৰলৈ অহা এই ঘটনাই হোজাইৰ নাৰীৰ সুৰক্ষাক লৈও চিন্তিত হৈ পৰিছে সচেতন লোক৷ জানিব পৰা মতে, হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডবকাৰ সমীপৰ মোবাৰকবস্তীৰ দুগৰাকী ছাত্ৰীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ আহে৷ ঘৰত আহি পোৱাৰ কিছু সময় পিছতে কেইগৰাকীমান লোকে তেওলোকৰ গৃহত প্ৰবেশ কৰে৷

পিতৃ ব্যৱসায় সূত্ৰে ঘৰৰ পৰা বাহিৰত থকাৰ সুযোগলৈ চুবুৰীয়া চাৰিগৰাকী লোকে ছাত্ৰী দুগৰাকীৰ ঘৰত প্ৰৱেশ কৰিয়েই কোনো কথাৰ অৱতাৰণা নকৰাকৈ মাৰধৰ কৰিবলৈ আৰম্ভ কৰে৷ দুগৰাকী গাভৰুৱে চিঞৰ-বাখৰ কৰাৰ পিছতো লাঠি, কোৰ, লোহাৰ ৰডেৰে ছাত্ৰী দুগৰাকী আৰু মাতৃক নিৰ্বিচাৰ আক্ৰমণ কৰে৷ আক্ৰমণ কৰাত ছাত্ৰী দুগৰাকীয়ে ঘৰৰ পৰা দৌৰি সাৰিবলৈ চেষ্টা কৰে যদিও দুয়োগৰাকী গাভৰুক পথাৰত পেলাই বৰ্বৰ আক্ৰমণ চলাই৷

ছাত্ৰী দুগৰাকীৰ ঘৰত অগ্নি সংযোগ কৰি ঘৰৰ সা-সামগ্ৰী ভস্মীভূত কৰে৷ মোবাৰকবস্তীৰ তাহিৰ আলী আহমেদৰ দুগৰাকী কন্যা গুৱাহাটীৰ দুখন কলেজৰ ছাত্ৰী৷ ছাত্ৰী দুগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰখনত ছাত্ৰী দুগৰাকীক আক্ৰমণত জড়িত শিক্ষক ৰফিক আহমেদ লস্কৰ, পুত্ৰ শ্বহিদুল ইছলাম, বাহাৰুল ইছলাম আৰু বদৰুল ইছলামৰ নাম উল্লেখ কৰে৷ অভিযুক্ত আটাইকেইজনৰ ঘৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মোবাৰকবস্তীতে৷ ঘটনাটো হোজাই জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰে পৰিয়ালটোৱে৷