বিদ্যুৎস্পৃষ্ট হৈ প্ৰকাণ্ড হাতীৰ মৃত্যু, হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ

শুক্লাই/ডিমাকুছীঃ বিধান সভা নিৰ্বাচনৰ পূৰ্বে মানুহ জীৱ-জন্তু সকলোকে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ কথা কৈ ভোট ভিক্ষা কৰিছিল তিনিওঁটা দলে৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷

নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২০ মাহ পূৰ্বে শাসনৰ গাডী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ ওদালগুৰি জিলাত পোৱালী সহ দুটি বনৰীয়া হাতীৰ মৃত্যু হ’ল ৰাজ্যত৷

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লব লগা হ’ল বনৰীয়া হাতীয়ে। বুধবাৰে নিশা ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত মৃত্যু হয় এটি প্ৰকাণ্ড হাতীৰ। ডিমাকুছিৰ ২নং শিংৰীমাৰীত বৃহস্পতিবাৰে পুৱা পথাৰত হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ ধান খাবলৈ অহা বন্যহস্তীৰ বিপদসংকুল ভাৱে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয়।

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাটে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে দুদিন তিনিদিনৰ মূৰে মূৰে হাতী আৰু মানুহৰ প্ৰাণ গৈ আহিছে যদিও নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কোৱা চৰকাৰ খনে কিঞ্চিত গুৰুত্ব আৰোপ কৰা দেখা নাযায়। কেতিয়াবা যদি বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে কেতিয়াবা আকৌ মানুহৰ জিঘাংসাৰ বলি হৈছে হাতী৷

বিদ্যুত বিভাগেও সময়ে সময়ে বন্যহস্তীৰ প্ৰাণ লৈ আহিছে৷ ২নং শিংৰীমাৰীত প্ৰায়ে হাতীয়ে আহ-যাহ কৰে যদিও বন বিভাগ তথা, বিদ্যুৎ বিভাগে গাফিলতি কৰি বিপদ সংকুল ভাৱে ওলমি থকা বিদ্যুতৰ তাঁৰ সমূহ দাঙি দিয়াৰ ব্যৱস্থা কৰা নাছিল। আনহাতে ডিমাকুছিৰ ধৰমজুলীতো এটি হাতী পোৱালীৰ মৃত্যু হয়৷ পুৱাই একাংশ লোকে হাতী পোৱালীটোক প্ৰত্যক্ষ কৰে৷