
newsnextone.com | ওদালগুৰিঃ উজনিৰ পৰা নামনিলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ছাত্ৰ সন্থাৰ আহ্বানত কেইবা শ লোক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷
আহ ঐ আহ, ওলাই আহ ধ্বনিৰে ওদালগুৰি ৰাজপথ কঁপাই পুৰুষ-মহিলাই চৰকাৰক সকীয়াই দি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু অসম চুক্তি ৰূপায়ন কৰাৰ দাবীত ওদালগুৰিৰ ৰাজপথ কপাঁই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত হাতে হাতে প্লেকাৰ্ড লৈ এটাৰ পাছত আনটো চৰকাৰ বিৰোধী শ্ল’গানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ শ্বহীদ ভৱনৰ পৰা আৰম্ভ উলিওৱা প্ৰতিবাদী সমদলত ওদালগুৰিৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কোচ-ৰাজবংশী ছাত্ৰ সন্থা সহ কেইবাটাও ছাত্ৰ সংগঠনৰ নেতা-কৰ্মী আৰু স্থানীয় বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।
বিক্ষোভ কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসম চুক্তি ৰূপায়ন কৰক, উভয় চৰকাৰে খিলঞ্জীয়া বিৰোধী চক্ৰান্ত বাতিল কৰক ইত্যাদি শ্ল’গান প্ৰদান কৰা হয়। সমদল ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ওদালগুৰি মিচন চ'কৰ পৰা উভতি আহি স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত সমাপ্তি ঘটে।
প্ৰতিবাদৰ অন্তত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটত পেলাব খোজাটো দুৰ্ভাগ্যজনক বিষয় বুলি কয়।
এসময়ত জাতীয় নায়কৰ উপাধি লাভ কৰা সৰ্বানন্দ সোণোৱালৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এনে সিদ্ধান্তত তীব্ৰ গৰিহনাযোগ্য বুলি কয়। বিধেয়কখন ৰাজ্যবাসীয়ে কোনো পধ্যে মানি নলয় সেয়েহে উক্ত বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ ৰাজ্য চৰকাৰখনৰ সকীয়াই দিয়ে। ইফালে প্ৰতিবাদস্থলীত উপস্থিত থাকি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে এখন অতি ভয়ংকৰ বিধেয়কক ৰাজ্য চৰকাৰখনে আদৰি লৈছে।
কিন্তু বৰ্তমানৰ চৰকাৰত থকা এসময়ৰ প্ৰাক্তন আছু নেতা তথা মন্ত্ৰী-বিধায়কসকলে ইয়াৰ বিৰুদ্ধে মাত নিদিয়াটো অতিশয় দুৰ্ভাগ্যজনক বুলি কয়। বিশেষকৈ তপন কুমাৰ গগৈক লক্ষ্য কৰি আছুনেতাগৰাকীয়ে কয় যে বিগত দহটা বছৰে তেওঁৰ নেতৃত্বত আছুৱে ৰাজপথত বিদেশী খেদাৰ আন্দোলন কৰিলে যদিও আজি চৰকাৰৰ অংশীদাৰ হৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰৰ সুৰত সুৰ মিলোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি পৰৱৰ্তী সময়তো গগৈয়ে এনে স্থিতি অব্যাহত ৰাখিলে আছুৱে তপন গগৈৰ প্ৰতিও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে।