
newsnextone.com | ওদালগুৰিঃ দেশ তথা ৰাজ্যৰ পৰা দুৰ্নীতি নোহোৱা কৰা আৰু শূন্য সহনশীলতাৰ কথা কৈ বিজেপিয়ে দেশ আৰু অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা তোৱা বিজেপি দলৰ নেতা-কৰ্মীয়ে দলৰ আদৰ্শ পাহৰি গ’ল নেকি৷ এই প্ৰশ্ন উত্থাপন হৈছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাত এগৰাকী বিজেপি নেতাই মাবোইলেৰে বহু লোকক ধনদাবী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সেয়াও ধনদাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ওদালগুৰি ভ্ৰমণৰ সময়ত হ’বলগীয়া খৰছৰ বাবে৷
বিটিচি অঞ্চলত বিজেপি দলে নিজৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে নিতৌ চেষ্টা অব্যাহত ৰখাৰ সময়ত এই কথা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিৰ যুৱ নেতা তথা বিজেপি যুৱ মৰ্চা মাজবাট মণ্ডলৰ সভাপতি কিশোৰ শৰ্মাৰ বিৰুদ্ধে বহু লোকক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত ওদালগুৰি বিজেপিৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।
ওদালগুৰি জিলাৰ অন্তৰ্গত বিটিচিৰ ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টিৰ অন্তৰ্গত ভিচিডিচি সমূহত ইন্দিৰা আৱাস যোজনাৰ গৃহসমূহ নিৰ্মাণত বিভিন্ন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত ছচিয়েল মিডিয়া যোগেও বহু লোকে এই অভিযোগ উত্থাপন কৰি আহিছে৷ খোদ যুৱ নেতাগৰাকীয়ে ৰাইজক ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিল এই ঘটনা।
বিজেপিৰ যুৱনেতাগৰাকীৰ টেলিফোনিক বাৰ্তালাপে বিজেপিৰ তৃণমূলৰ সাংগঠনিক দিশৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া বুলি বিৰোধী দলে কব খোজে। বিজেপি মাজবাট মণ্ডলৰ যুব মৰ্চাৰ সভাপতি শৰ্মাই বিটিচিৰ ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টিৰ ভিচিডিচিৰ সভাপতিসকলক বিভিন্ন দুৰ্নীতি সংঘটিত হোৱা বুলি কৈ বিজেপি দলৰ দুৰ্নীতি মুক্তৰ শ্লগানৰ ভাবুকি দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
কেৱল এয়াই ওদালগুৰি ভ্ৰমণৰ বাবে অহা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ১১ মে’ত ওৰাং অঞ্চল ভ্ৰমণ কৰিব বুলি উল্লেখ কৰি সভাপতি দাসক আপ্যায়ণৰ বাবে ভিচিডিচিৰ সভাপতিক কেইবা লক্ষাধিক টকা দাবী কৰাৰ কথা পোহৰলৈ আহিছে। বিজেপি নেতা শৰ্মাই ফোনযোগে ওৰাং অঞ্চলৰ অন্তৰ্গত ভিচিডিচি সমূহত ব্যাপক দুনীতিৰ কথা জ্ঞাত হৈ ৰাজ্যিক সভাপতিগৰাকী ওৰাং অঞ্চললৈ আহিব বুলি ভিচিডিচি সভাপতিক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে।
আনকি বিজেপিৰ সভাপতি অমিত শ্বাহক মাজবাট সমষ্টিলৈ অনা হ’ব বুলিও বিজেপিনেতাগৰাকীয়ে ফোনযোগে ভাবুকি প্ৰদান কৰে। অঞ্চলটোত সংঘটিত বিভিন্ন দুৰ্নীতি সমূহ ৰাজ্যিক সভাপতিগৰাকীৰ পৰা ঢাকি ৰখাৰ বাবদ বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ ফোন ৰেকৰ্ডিং ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত জিলা সমিতিয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰাৰ নিৰ্দেশ দিছে জিলা যুৱ মৰ্চাৰ নেতৃত্বক।
সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই কয় যে বিষয়টো জিলা সমিতিখনে গুৰুত্ব সহকাৰে লৈছে। বিটিচিৰ বিভিন্ন অঞ্চলত আঁচনিসমূহকলৈ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। এই দুৰ্নীতি পোহৰলৈ অনাৰ বাবেই বিজেপি নেতাক ষড়যন্ত্ৰৰে ফচাব বিচাৰিছে।
বিটিচি অঞ্চলত বিজেপিৰ বৰ্তমানৰ শক্তিশালী স্থিতি সন্দৰ্ভত একাংশ দল এতিয়া ভয়ত কম্পমান হোৱাৰ কথা তেওঁ উল্লেখ কৰে। বিজেপি নেতাগৰাকীৰ এনে কৰ্মকাণ্ডৰ কথা নুই নকৰি সাংবাদিকৰ আগত কয় যে বিজেপিয়ে কোনো পধ্যে এনে বিষয়সমূহক আওকান নকৰে। যদি সঁচাকৈ বিজেপি নেতাগৰাকীৰ ভুল প্ৰতিপন্ন হয় তেন্তে তেওঁৰ বিৰুদ্ধেও দলে বিহিত ব্যৱস্থা গ্ৰহন কৰিব।
ইয়াৰ বাবে জিলা যুৱ মৰ্চাৰ নেতৃত্বক বিষয়টো সন্দৰ্ভত তদন্ত কৰি অতি সোনকালে তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বিষয়টোৰ তদন্তৰ পৰ্যবেক্ষণ কৰি থকা ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে বিষয়টো সন্দৰ্ভত তদন্ত তীব্ৰগতিত আগবাঢ়িছে আৰু হয়টো দুই এদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জিলা সমিতিৰ হাতত দাখিল কৰা হ’ব।
তদন্তত দোষী সাব্যস্ত হ'লে কোনো ব্যক্তিয়ে ৰেহায় নাপায়। সি যি কি নহওঁক দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল’গান প্ৰদান কৰা বিজেপি দলৰ এগৰাকী নেতাৰ এনে কৰ্মকাণ্ডই স্বাভাৱিকতে সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক গোপন সূত্ৰই সাংবাদিকক জনোৱা মতে বিজেপি নেতাগৰাকী বহিষ্কাৰৰ বাবে ইতিমধ্যে যো-জা চলাইছে। কিন্তু সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইফালে বিভিন্ন আঁচনিসমুহৰ ক্ষেত্ৰত বিটিচিৰ বিভিন্ন ভিচিডিচি সমূহত যে দুৰ্নীতি সংঘটিত হৈ আছে। সেয়াও তদন্তৰ আওতালৈ অনাৰ কথা সকলোৱে একেমুখে প্ৰকাশ কৰিছে।