
ওদালগুৰিঃ ৰাজ্যৰ লাঞ্চিত, বঞ্চিত চাওঁতাল জনগোষ্ঠীৰ লোকসকল শনিবাৰে বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে ওদালগুৰি জিলাত৷ বছৰ বছৰ ধৰি নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ শনিবাৰে গণ সমাবেশ অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰাকৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
চানতালসকলক জনজাতিকৰণৰ বাবে উভয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ লগতে নিৰ্যাতিত, শোষিত আৰু চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জনগোষ্ঠীটোৰ লোকে৷
যাৰ পৰিপেক্ষিতত শনিবাৰে বিশাল গণ সমাবেশ অনুষ্ঠিত কৰি অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰে৷ আত্ম-সন্মান, নিৰাপত্তা, শোষিত, নিৰ্যাতিত আৰু বঞ্চিত চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমৰ ভূমিপুত্ৰ চাওঁতালসকলক ভূমি আইন ১৮৮৬ ৰূপায়ণ কৰি ভূমি সংৰক্ষণ কৰা, বনাঞ্চলত বাস কৰা চাওঁতালসকলক বনাঞ্চল নিবাসী আইন ২০০৬ ৰ অধীনত ভূমি অধিকাৰ প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শীঘ্ৰে চাওঁতালী শিক্ষক আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ দাবী উত্থাপন কৰে গণ সমাবেশত।
ওদালগুৰিৰ মনপুৰত চাওতাল ছাত্ৰ সন্থাই আয়োজন কৰে বিশাল গণসমাবেশ। বিটিএডিৰ ওদালগুৰি, বাক্সা আৰু শোণিতপুৰ জিলা সমিতিয়ে অনুষ্ঠিক কৰা গণ সমাবেশত আঁতধৰে সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিণ্টু হেমব্ৰমে।
চৰকাৰৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত চাওতালসকল সকলো দিশত পিছপৰি থকা বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে জনজাতিকৰণৰ কৰাৰ দাবী জনায়৷ দাবী পুৰণ নহ'লে তীব্ৰ জংগী আন্দোলনৰ মুখামুখি হবলৈ চৰকাৰখনক সাজু থাকিবলৈ সংগঠনটোৱে সকীয়নি প্ৰদান কৰে। আনহাতে সমাবেশত হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধাচৰণ কৰি ছাত্ৰ নেতাগৰাকীয়ে চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত নলবলৈ সকিয়নী প্ৰদান কৰে। সমাবেশত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মুকুট দাসৰ লগতে বহু বিশিষ্ট লোকে।