
ওদালগুৰিঃ বিটিএডিৰ ওদালগুৰি জিলা প্ৰশাসনৰ অৱশেষত গা লৰিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশক একমাত্ৰ নিয়মমাফিক পালন কৰাৰ উদ্দেশ্যেৰে উৰুকাৰ দিনটোত বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে চলালে অভিযান।
জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতি জিলা প্ৰশাসনে জানিবলৈ দি কয় যে শুকুৰবাৰে ওদালগুৰি নগৰখনৰ কেইবাখনো বস্ত্ৰ বিপনীত প্ৰশাসনৰ এটা দলে অতৰ্কিতে অভিযান চলাই বহু পৰিমাণৰ বহিঃৰাজ্যৰ পৰা আমদানীকৃত বহু গামোচা জব্দ কৰে।
গামোচাসমূহ জব্দ কৰি বিক্ৰেতাসকলক অনাগত দিনত এনে ধৰণৰ গামোচাৰ বিক্ৰী বন্ধ কৰি থলুৱাভাৱে উৎপাদিত গামোচা বিক্ৰী কৰিবলৈ সকীয়নী প্ৰদান কৰে। ওদালগুৰি জিলা উপায়ুক্তৰ নিৰ্দেশত চলা এই অভিযানত কাৰ্যবাহী দণ্ডাধীশ, জিলা ৰেচম বিভাগৰ বিষয়াৰ লগতে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া উপস্থিত আছিল।
প্ৰশাসনৰ এই অভিযানক সচেতন মহলে আদৰণী জনোৱাৰ লগতে এনে অভিযান কেৱল বিহুৰ বতৰতে সীমাবদ্ধ নাৰাখি দৈনন্দিন ভাৱে চলোৱাৰ আহ্বান জনায়। বিগত ১১ এপ্ৰিলতো ওদালগুৰি চহৰত ছাত্ৰ সন্থাই অভিযান চলাই বহু বহিঃৰাজ্যৰ গামোচা জব্দ কৰিছিল।
প্ৰশাসনৰ চকুৰ সন্মুখতে বহিঃৰাজ্যৰ গামোচা বিক্ৰী হৈ আছে যদিও ইয়াৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰশাসন শুই থাকে যদিও আছুই অভিযানত নামে।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশাসনক বাট নাচাই ওদালগুৰি সাপ্তাহিক বজাৰৰ অস্থায়ী বস্ত্ৰ বিপনীত অতৰ্কিতে অভিযান চলাই বহু পৰিমাণৰ বহিঃৰাজ্যৰ আমদানিকৃত গামোচা উদ্ধাৰ কৰে। ব্যৱসায়ীসকলে প্ৰথমে গামোচাসমূহ বহিঃৰাজ্যত নিৰ্মিত নহয় বুলি ফাকি দিছিল যদিও পিছত তেওঁলোকে স্বীকাৰ কৰে।
অস্থায়ী বিপনীতেই নহয়, চহৰখনৰ মাজমজিয়াৰ কেইবাখনো নামথকা বস্ত্ৰ বিপনীত বহিঃৰাজ্যৰ গামোচা বিক্ৰি হৈ থকা বুলি বহু লোকে অভিযোগ উত্থাপন কৰে। সাধাৰণ ৰাইজৰ চকুত পৰা এনে অবৈধ কাৰ্যসমূহ কিয় প্ৰশাসনৰ চকুত নপৰে তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছিল।