
ওদালগুৰিঃ আগন্তুক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্যেশে ৰাজ্যৰ সীমামুৰীয়া অঞ্চলসমুহত উগ্ৰপন্থী সংগঠন সমুহৰ তৎপৰতা বৃদ্ধি পোৱাত ভাৰতীয় সেনাই অভিযান চলাই আটক কৰিছে ওদালগুৰিৰ খৈৰাবাৰিত NDFBৰ কেডাৰ৷
ধৃত NDFB জনৰ নাম মুক্তা বড়ো(30)৷ ধৃত কেডাৰজনৰ পৰা এটা 7.65 MMপিস্টল, 4জাই সজিব গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰিছে সেনাই৷ বৰঙাজুলি স্হিত 14 ডোগ্ৰা (ৰেজিমেণ্ট) সেনাই এক গোপন সুত্ৰৰ পমখেদি ওদালগুৰি জিলাৰ চিনাকোনাৰ পৰা খৈৰাবাৰীলৈ আহি থকা অবস্থাত আটক কৰে মুক্তা বড়োক৷
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নিষিদ্ধ সংগঠন সমূহ সক্ৰিয় হৈ উঠাৰ লগতে বিভিন্ন কূটাঘাটমূলক কাৰ্যকলাপ সৃষ্টি কৰাৰ পৰিকল্পনা ৰচিছে যদিও সেনা-আৰক্ষী সষ্টম হৈছে ২৪ ঘন্টাই৷
গণৰাজ্যৰ দিৱসৰ প্ৰাকক্ষণত অসমৰ ভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠন সমূহে কূটাঘাট সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছে কেইবাজনো সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰ৷
আনহাতে সেনাই অভিযান চলাই শিৱসাগৰৰ গেলেকী সীমান্তবৰ্তী স্মিথপুলৰ পৰা তুইচাই লিম্বা ওৰফে দামচিন লিম্বা নামৰ এজন এনএচচিএন (কে) কেডাৰ আটক কৰাৰ লগতে ভাৰতত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, ২ জাই সজীৱ গুলী, এখন দা, এল ই দি আৰু লেজাৰ লাইট ৫ খন মটৰচাইকেল এখন বলেৰ পিক আপ ভান আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰে।