পেটৰ তাড়না, ওদালগুৰিত শ্ৰমিক দিৱসত ব্যস্ত শ্ৰমিক

ওদালগুৰিঃ শ্ৰমিকসকলে বিভিন্ন সময়ত নিজ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছে৷ শ্ৰমিকৰ যুঁজ খনৰ ইতিহাস আৰম্ভ হৈছিল ১৮৮৬ চনত৷ যেতিয়া যুক্তৰাষ্টৰ শ্ৰমিকক অন্যায়-অবিচাৰ কৰা হৈছিল তেতিয়াই শ্ৰমিকৰ ক্ষোভৰ উকমুকণি আৰম্ভ হৈছিল৷ 

শ্ৰম কৰাৰ সময় চমু কৰাৰ দাবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ ৰাজ পথলৈ ওলাই আহিছিল শ্ৰমিকসকল৷ সিদিনা আছিল ১৮৮৬ চনৰ ১ মে’৷ যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়৷ তেতিয়াৰ পৰাই ০১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ আমাৰ অসমতো বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন কৰা হৈছে৷

এই দিনটোক শ্ৰদ্ধা কৰে শ্ৰমিকসকলে৷ এই দিনটোক বিশেষ ভাবে গ্ৰহণ কৰে শ্ৰমিকসৰলে৷ এই দিনটো ওচৰ চাপিলে বুকু কঁপি উঠে শ্ৰমিকৰ৷ কিয়নো এই দিনটোৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ স্বাধীনতা আৰু ন্যায়ৰ দাবী উত্থাপনৰ ইতিহাস৷ দিনৰ দিনটো কাম কৰাৰ বিনিময়ত এসাজ ভাত খাবলৈ নোপোৱাৰ মৰ্মবেদনাৰ হকে মাত দিবলৈ শ্ৰমিক সকলৰ জগাই তুলিছিল এই দিনটোৱে৷ 

বিশ্বত শ্ৰমিক দিৱসৰ তাৎপৰ্য যিমানে বৃদ্ধি হৈছে সিমানে একাংশ শ্ৰমিকে পাহৰিব ধৰিছে শ্ৰমিক দিৱসৰ স্মৃতি। পহিলা মে'ৰ দিনটো সমগ্ৰ বিশ্বই শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে। বছৰটোৰ এটা দিন শ্ৰমিক শ্ৰেণীয়ে নিজৰ কৰ্ম পৰিহাৰ কৰি অধিকাৰ দিৱস হিচাপে পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। কিন্তু ইয়াৰ মাজতে বিটিএডিৰ ওদালগুৰি জিলাত দেখা গ'ল এক ব্যতিক্ৰম দৃশ্য। 

আন দিনবোৰৰ দৰে পহিলা মে'ৰ পুৱাই দৈনন্দিন হাজিৰা কৰিবলৈ ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক তথা খাতি খোৱা দিন হাজিৰা কৰা লোক। ইয়াৰ একাংশই শ্ৰমিক দিৱসৰ তাৎপৰ্যৰ বিষয়ে অজ্ঞাত যদিও আন একাংশই পেটৰ তাড়নাত সকলো পাহৰি দৈনন্দিন হাজিৰা কৰিবলৈ ওলাই অহাৰ কথা সাংবাদিকৰ আগত জানিবলৈ দিয়ে। 

তেওঁলোকে কয় যে এদিন কামলৈ নগ'লে দুবেলা দুমুঠি খাবলৈ নাপাও, পাকঘৰত চৌকা নজ্বলে। গতিকে মে' দিৱসৰ দিনটোতো তেওঁলোক দৈনন্দিন হাজিৰাৰ বাবে ওলাই আহিবলৈ বাধ্য হয়। তেওঁলোকে প্ৰশাসনৰ প্ৰতি ক্ষুদ্ধ হৈ প্ৰকাশ কৰে যে অন্তত জিলা প্ৰশাসনে শ্ৰমিক দিৱস তথা শ্ৰমিক আইনক শ্ৰদ্ধা জনাই উক্ত দিনটোত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিব লাগে। 

তেতিয়াহে অজ্ঞাত শ্ৰমিকসকলে এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে বুজিব পাৰিব। ইপিনে শ্ৰমিক আইন ধোৱাচাঙত তুলি ওদালগুৰি জিলাখনৰ একাংশ চৰকাৰী কাৰ্যালয়তে দেখা গ'ল শ্ৰমিকৰ কৰ্মব্যস্ততাৰ দৃশ্য। সচেতন লোকৰ খবৰৰ ভিত্তিত চৰকাৰী কাৰ্যালয় সাংবাদিক উপস্থিত হোৱাত এই বিপৰীত দৃশ্য দেখা যায়। শ্ৰমিক দিৱস সম্পৰ্কে প্ৰশাসনৰ জাননী তথা প্ৰচাৰৰ অভাৱৰ বাবেই চৰকাৰী কাৰ্যালয়ত পুৱাৰ পৰাই শ্ৰমিকসকল বিভিন্ন নিৰ্মাণ কাৰ্যত জৰিত হৈ পৰা দেখা গ'ল। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসন সমানে জগৰীয়া বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰে।