বিশ্বশান্তিৰ উদ্দেশ্য ওদালগুৰিত ৰাজহুৱা নাম

ওদালগুৰিঃ পবিত্ৰ কাতি মাহ উপলক্ষে সমগ্ৰ বিশ্বৰ শান্তি আৰু মানব জাতিৰ কল্যান অৰ্থে ওদালগুৰি চহৰৰ মাজমজিয়াত দেওবাৰে ৰাজহুৱা নামৰ আয়োজন কৰা হৈছে। চহৰখনৰ কেইগৰাকীমান উদীয়মান যুৱকসকলৰ প্ৰচেষ্টাত ওদালগুৰি সাপ্তাহিক বজাৰত ৰাজহুৱা নাম খনি আয়োজন কৰা হৈছে৷  উক্ত নাম প্ৰসংগত কেইবাটাও দলে অংশগ্ৰহন কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে লগতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে নাৰায়ণ গায়ন আৰু কুমুদ গায়নে ।

যিতু সময়ত যুৱ সমাজ চৰম উশৃংখলতাৰ দিশে অগ্ৰসৰ হোৱা বুলি বিভিন্ন মাধ্যমত চৰ্চিত হৈ আহিছে তেনে সময়তে ওদালগুৰি চহৰৰ এইসকল উদীয়মান যুৱকৰ প্ৰচেষ্টাক বহুতে শলাগ লৈছে।