ওদালগুৰিৰ ৰেল ষ্টেচনত নাই নিৰাপত্তাৰক্ষী, নাই চিচিটিভি, খোদ নিৰাপত্তাহীনতাত ৰেল কৰ্মচাৰী

newsnextone.com | ওদালগুৰিঃ উজনিৰ দুটা ৰেল ষ্টেচনত এগৰাকী মহিলা আৰু এগৰাকী যুৱতীক ধৰ্ষণৰ অন্তত বৰ্বৰ ভাৱে হত্যা কৰাৰ ঘটমনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বিটিএডিৰ ওদালগুৰি জিলা ওদালগুৰি ৰেল ষ্টেচনত আজিলৈ যাত্ৰীৰ সুৰক্ষা কোনো ব্যৱস্থা নাই৷

ওদালগুৰি ৰেল ষ্টেচনত ৰেল যাত্ৰীসকৰ কোনো কাৰণতে সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈছে। বিগত দুটা দিনত ৰেলযাত্ৰাৰ সময়ত ভয়ংকৰ ঘটনা সংঘটিত হৈ এগৰাকী মেধাৱী শিক্ষাৰ্থীসহ দুগৰাকী নাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হোৱাৰ পিছতোঁ গা লৰা নাই ওদালগুৰি প্ৰশাসন আৰু ৰেল বিভাগৰ। আৰক্ষীৰ জালত পৰা ঘাটকে স্বীকাৰো কৰিছে ৰেলযাত্ৰাৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ শিহৰণকাৰী হত্যাকাণ্ডৰ বিৱৰণ। কিন্তু ৰেল বিভাগৰ সুৰুঙাৰ পাছতোঁ যেন বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। 

ওদালগুৰি জিলা সদৰৰ একমাত্ৰ ৰেল ষ্টেচনত নাই কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা। নাই চিচিটিভি কেমেৰা, নাই মেটেল ডিটেক্টৰ গেট কিম্বা নাই পৰ্যাপ্ত নিৰাপত্তাৰক্ষী। পূৰ্বেও ষ্টেচনটোত নিশাৰ ভাগত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে। ৰেলষ্টেচনটোৰ ষ্টেচন মাষ্টৰ সন্তোষ কুমাৰ চৌধাৰীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁৰ মুখৰ পৰা ৰেল ষ্টেচনটোৰ নিৰাপত্তাহীনতাৰ কথা ওলাই পৰে। নিৰাপত্তাৰক্ষীৰ নামত পূৰ্বে এজন আৰপিএফ জোৱান আছিল যদিও কিছুদিন পূৰ্বে আন এজন জোৱানক ষ্টেচনটোলৈ প্ৰেৰণ কৰে। ফলত দুয়োজন জোৱানৰ এজনে নিশা সুৰক্ষাৰ দ্বায়িত্বত থকাৰ বিপৰীতে আনজনে দিনত কৰ্তব্য পালন কৰে বুলি চৌধাৰীয়ে জানিবলৈ দিয়ে।

ইফালে ষ্টেচনটোত উপস্থিত থকা ৰেল যাত্ৰীয়ে এই কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰি সকলো সময়তে ষ্টেচনটোত নিৰাপত্তাৰক্ষী নাথকে বুলি কয়৷ বিপৰীতে কেতিয়াবাহে এজন জোৱানক দেখা যায় বুলি উল্লেখ কৰে। আনহাতে নিশা প্ৰায় দহ বজাৰ পাছত ষ্টেচনটোত থকা ৰেলযাত্ৰীসকলে সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভোগাৰ কথাও জানিবলৈ দিয়ে। আন একাংশ যাত্ৰীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে নিশা ৰেল আৰক্ষীতো বাদেই ষ্টেচনটোৰ কৰ্তব্যৰত কৰ্মচাৰীসকলেও দৰ্জা বন্ধ কৰি ভিতৰত থাকে৷ অৱশ্যে ৰেল অহাৰ পূৰ্বে নিজৰ কামত নিয়োজিত হয়। 

ফলত ৰেলযাত্ৰীসকলে প্ৰশ্ন কৰি কয় যে যদি কৰ্তব্যৰত লোকসকলেই নিৰাপত্তাত ভুগি এনেদৰে ভিতৰত থাকিবলগীয়া হয় তেন্তে ষ্টেচনটোৰ প্লেটফৰ্মত থকা সাধাৰণ যাত্ৰীৰ অৱস্থা কি হব? সেয়েহে বিষয়টো গুৰুত্বসহকাৰে লৈ ৰেল বিভাগক ষ্টেচনটোৰ নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰাৰ সাধাৰণ ৰেলযাত্ৰীসকলে দাবী উত্থাপন কৰে।