ওদালগুৰি কঁপাই আছুৱে কলে, ‘চৰকাৰ শুই নাথাকিব, আমাৰ কথা শুনক, নহলে ভয়ংকৰ হ’ব পৰিবেশ’

newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে ওদালগুৰিত সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই গৰজি উঠে চৰকাৰৰ বিৰুদ্ধে। হাতে হাতে জোঁৰ লৈ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক আছু কৰ্মী তথা প্ৰাক্তন আছু কৰ্মীয়ে৷

সমদলকাৰীসকলে অসম চৰকাৰ হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, শ্বহীদৰ ত্যাগক সন্মান জনাওঁক শ্ল’গান প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰি জিলা সমিতিৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে চহৰখনৰ মাজেৰে বিভিন্ন স্থান পৰিভ্ৰমণ কৰে। সমদলৰ অন্তত আছুৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্ত কোনো পদ্ধে মানি লোৱা নহ’ব। 

৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ বিৰোধ কৰাটো সহ্য কৰা নহ’ব। এই অসম বিৰোধী বিধেয়কখন শীঘ্ৰে চৰকাৰখনে বাতিল কৰিব লাগিব। চৰকাৰ শুই নাথাকিব আমাৰ কথা শুনক অন্যথাই অসমৰ সামগ্ৰিক পৰিৱেশ ভয়ংকৰ হৈ পৰিব বুলি কয় আছুৱে। খিলঞ্জীয়া বিৰোধী এই বিধেয়কখন কোনো পধ্যে মানি লোৱা নহ’ব। সদৌ অসম ছাত্ৰ সন্থাই এই বিধেয়কখনৰ বিৰুদ্ধে সদায় প্ৰদিবাদ কৰি যাব বুলিও কয়৷

প্ৰতিবাদক চৰকাৰখনে সন্মান নজনালে পৰৱৰ্তী সময়ত ৰাইজৰ সহায়ত আছুৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈ বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰিবলৈ সাঁজু বুলি কয়৷ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসৰ লগতে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, চাইফুল হক সহ ওদালগুৰি মহকুমা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সদস্যসকল। সমদলত এবছু, গোৰ্খা ছাত্ৰ সন্থা, সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰে৷